গুৱাহাটী, ৭ জানুৱাৰী : ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সময়সূচী (Assam HSLC exam 2022)। অসম মাধ্যমিক শিক্ষা পৰিষদে শুকুৰবাৰে ঘোষণা কৰা অনুসৰি ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা । ৩১ মাৰ্চত সামৰণি পৰিব এই পৰীক্ষা ।
ইফালে ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ৪ আৰু ৫ মাৰ্চত । উল্লেখ্য যে, ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষত মেট্ৰিক, হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল । এটা বছৰৰ পিছত পুনৰ ৰাজ্যত ক’ভিড নীতি মানি অনুষ্ঠিত কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷
গুৰুত্বপূৰ্ণ কথা যে, ৰাজ্যত স্বাস্থ্য বিভাগে ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীৰ মাজত ক’ভিড টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে ।
ক'ৰণা প্ৰতিষেধকৰ দুয়োটা ড’জ সম্পূৰ্ণ কৰাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে স্বাস্থ্য আৰু শিক্ষা বিভাগে ঘোষণা কৰিছিল ।