ETV Bharat / city

কি নতুন সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত ?

author img

By

Published : Dec 17, 2021, 10:48 PM IST

শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক(Assam government weekly cabinet meeting)। জানো আহক কি কি সিদ্ধান্ত লোৱা হ’ল এই বৈঠকত ৷

assam-government-weekly-cabinet-meeting
কি নতুন সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত ?

গুৱাহাটী, ১৭ ডিচেম্বৰ: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক(Assam government weekly cabinet meeting)। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্রী কেশৱ মহন্তই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ বাবে এখন নিযুক্তি বোৰ্ড গঠন কৰা হ'ব ।

আনহাতে কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে এতিয়াৰে পৰা বিদ্যালয়সমূহত অস্থায়ীভাৱে খালী হোৱা পদৰ বিপৰীতে অৱসৰপ্ৰাপ্ত যোগ্য ব্যক্তিক বিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে নিযুক্তি দিব পাৰিব (Temporary appointment of retired persons in schools ) । ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত নহ'বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । তদুপৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংস্থা বা স্বেচ্ছাসেৱী সংগঠনেও অস্থায়ী পদৰ বিপৰীতে অস্থায়ী ৰূপত শিক্ষক নিয়োগ কৰিব পাৰিব ।

সেইদৰে দুখন আইন সংশোধনত কেবিনেটৰ অনুমোদন । অসম পশুধন সংৰক্ষণ আইন আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী আয়োগ আইন সংশোধন কৰা হ'ব বিধানসভাত । সুলভ মূল্যৰ দোকানৰ নবীকৰণ এবছৰৰ পৰিৱৰ্তে তিনি বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেবিনেটৰ। আনহাতে দুমাহৰ ভিতৰত কিছুমান স্থানীয় ঠাইৰ নাম সলনি কৰা হ'ব। অসম চুক্তি ৰূপায়ণ কমিটী(Assam accord implementation committee) ৰ সদস্য সংখ্যা বৃদ্ধিত কেবিনেটৰ অনুমোদন। কমিটীত আছুৰ সদস্য সংখ্যা ৩ জনলৈ বৃদ্ধি ।

লগতে পঢ়ক : ক’লা ল’ৰাৰ মৃত্যুৰ পিছতেই শেষ হৈ গ’ল নেকি অনিমেষৰ নিগ্ৰহৰ ন্যায়ৰ প্ৰসংগ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.