গুৱাহাটী, 30 জানুৱাৰী : ৰাজহ ঘাটি জোৰা মাৰিবলৈ ঋণ লৈ তৎ নোপোৱা চৰকাৰে এতিয়া কৰ সংগ্ৰহৰ বাবে সকলো ধৰণৰ পন্থাই অৱলম্বন কৰিছে । সাধাৰণ লোকক ডিঙিলৈকে কৰ তথা জৰিমনাৰ বোজা জাপি দিবলৈও যেন পিছ হোহকা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে (Revenue collection of Assam government)। এইবাৰ কৰ সংগ্ৰহৰ বাবে বিশেষকৈ যানবাহন আৰক্ষী তথা পৰিবহণ বিভাগক টাৰ্গেট বান্ধি দিছে দিছপুৰে (Revenue collection from Traffic police and Transport Department)।
আনকি, পৰিবহণ বিভাগক গুৱাহাটীতে 100 কোটি টকা সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশনাও জাৰি কৰিছে । দিছপুৰৰ এই নিৰ্দেশৰ পাছতেই গুৱাহাটীৰ ৰাজপথত মিছন ‘ছাৰখাৰ’ নাম দি কৰ তথা জৰিমনা সংগ্ৰহত নামি পৰিছে জিলা এনফৰ্চমেণ্ট বাহিনী (District Enforcement Force) আৰু যান-বাহন আৰক্ষী ।যাৰ ফলত এতিয়া টাৰ্গেট পূৰণৰ নামত ঘৰৰ গেৰেজত থকা বাহনকো যান-বাহন আইন উলংঘনৰ দোহাই দি জধেমধে জৰিমনাৰ চালান প্ৰেৰণ কৰিবলৈ লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই ।
উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত উদং ৰাজভঁৰাল পূৰণ কৰাৰ বাবে দুটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰে এটা হ’ল মন্ত্ৰীসকলে কোনোধৰণৰ আঁচনি বিত্ত বিভাগৰ অনুমতি অবিহনে ঘোষণা কৰিব নোৱাৰিব । ফলত উন্নয়নৰ কামকাজ থমকি ৰোৱাৰ আশংকা আছে ৷
ইফালে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ ভেটৰ বাহিৰেও ৰাজ্য চৰকাৰৰ ৰাজহ আহৰণৰ এতিয়া প্ৰধান ভৰসা তিনিটা হৈছে আবকাৰী, পৰিবহণ আৰু ভূমি ৰাজহ । ইতিমধ্যে সুৰাৰ মূল্যবৃদ্ধিৰ দ্বাৰা ৰাজ্য চৰকাৰে 2021-22 বৰ্ষত প্ৰায় 2400 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই উদ্দেশ্য আগত ৰাখিয়েই বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা ৰাজ্যত সুৰাৰ দাম 10-15 শতাংশ বৃদ্ধি কৰা হৈছে ।
আনফালে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । গুৱাহাটী মহানগৰীত মাটিৰ মূল্য 900 শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে । ইয়াৰ ফলত ভূমি, ফ্লেটৰ পঞ্জীয়ন, প্ৰতিবৰ্গ ফুটৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ইফালে কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে মহানগৰীত পৰিবহণ বিভাগে বিশেষ অভিযান আৰম্ভ কৰিছে । গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে 30 কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়িক যানবাহনে 100 কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই থকাটো শেহতীয়াকৈ পৰিবহণ বিভাগৰ চকুত ধৰা পৰিছে ।
ক’ভিডসৃষ্ট পৰিস্থিতিত কৰ আদায়ৰ বাবে চৰকাৰে বিভিন্ন ধৰণে সকলো সা সুবিধা দিয়াৰ পিছতো একাংশই এতিয়াও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়িক সকলো যানবাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত 100 কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযানত নামি পৰিছে ৷
লগতে পঢ়ক : প্ৰবীণ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ শেষ নিশ্বাস ত্যাগ
উল্লেখ্য যে, এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ ৰুজু কৰা হ’ব । প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী । উদং ৰাজভঁৰাল টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰে যি সমূহ ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে সৰ্বসাধাৰণ লোকৰ ওপৰত। যাৰফলত কৰৰ বোজাত ভাৰাক্ৰান্ত হৈছে সৰ্বসাধাৰণ ৰাইজ ।
ইফালে কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ ক্ষতিপূৰণৰ পৰিৱৰ্তে ৰাজ্যসমূহক ঋণ ল’বলৈ পৰামৰ্শ দিছে । কেন্দ্ৰৰ এই নিৰ্দেশ সাৰোগত কৰিয়েই ৰাজ্য চৰকাৰে এফ আৰ বি এম আইনৰ সংশোধনী ঘটাই প্ৰায় এক লাখ কোটিৰো অধিক টকালৈ ধনৰ বোজা বৃদ্ধি কৰিছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যত ভবামতে বিনিয়োগ হোৱা নাই।
বিগত তিনি বছৰত মাত্ৰ 105 কোটি টকাৰহে বিনিয়োগ হৈছে। অথচ মহাৰাষ্ট্ৰত 2,04,082 কোটি আৰু গুজৰাটৰ দৰে ৰাজ্যত 1,87,472 কোটি টকাৰ বিনিয়োগ হৈছে । বিনিয়োগ কম হোৱা অসমৰ দৰে ৰাজ্য জি এছ টিৰ ক্ষতিপূৰণ বন্ধ কৰাৰ ফলত যে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া নিশ্চিত হৈ পৰিছে । পঞ্চদশ বিত্ত আয়োগে এতিয়ালৈকে অসমক 50 শতাংশ পুঁজিয়েই মুকলি কৰি দিয়া নাই ।
চতুৰ্দশ বিত্ত আয়োগেও নিদিলে কেইবাশ কোটি টকা । 'কেগ'ৰ বাৰম্বাৰ সকীয়নিৰ পাছতো ৰাজ্যত হ্ৰাস পোৱা নাই ৰাজহ বিত্তীয় ঘাটি (Financial loss of Assam Government) । 2020-21 বৰ্ষত দৰমহাতে ব্যয় হৈছে 31,028 কোটি টকা । ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ভোটৰ অংকত অব্যাহত ৰাখিছে বিভিন্ন হিতাধিকাৰী আঁচনি । এনে পৰিস্থিতিত চৰকাৰে জোৰা মাৰিবলৈ এটাৰ পাছত আনটো কৰৰ বোজা জাপি দিছে সাধাৰণ জনতাৰ ওপৰত ।
লগতে পঢ়ক : ৰাজ্যসভাত বিজেপিক ভেটাৰ বাবে কি পৰিকল্পনা ভূপেন বৰাৰ ?