ETV Bharat / city

Assam Government cabinet meeting : এইবাৰৰ মনোমোহা হাফলঙত কেবিনেট বৈঠক

author img

By

Published : Jan 13, 2022, 4:24 PM IST

ভোগালী বিহুৰ পিছতে ১৯ জানুৱাৰীত মনোমোহা হাফলঙত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক (Assam Government cabinet meeting in Haflong) । পূৰ্বৰ ধেমাজি আৰু বঙাইগাঁৱৰ দৰে এইবাৰ হাফলঙকো আটকধুনীয়াকৈ সজাই তোলাৰ প্ৰস্তুতি তুংগত উঠিছে ।

Assam Government cabinet meeting
Assam Government cabinet meeting

গুৱাহাটী, ১৩ জানুৱাৰী : প্ৰথমে ধেমাজি, তাৰ পিছত বঙাইগাঁও আৰু এইবাৰ হাফলং । মনোমোহা হাফলং । ১৯ জানুৱাৰীত এইবাৰ হাফলঙত অনুষ্ঠিত হ’ব ড৹ হিমন্তবিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam Government cabinet meeting)। গুৱাহাটীৰ বাহিৰত প্ৰতি মাহতে অন্ততঃ একোখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে ভোগালী বিহুৰ পিছতে ১৯ জানুৱাৰীত মনোমোহা হাফলঙত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক (Cabinet meeting in Haflong)।

দিছপুৰৰ নিৰ্দেশত ইতিমধ্যে ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদে অতিথিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে । উল্লেখযোগ্য যে, পূৰ্বৰ ধেমাজি আৰু বঙাইগাঁৱৰ দৰে এইবাৰ হাফলঙকো আটকধুনীয়াকৈ সজাই তোলাৰ প্ৰস্তুতি তুংগত উঠিছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজধানীৰ বাহিৰত এইদৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰা কাৰ্যক অৱশ্যে বিৰোধীয়ে তীব্ৰ সমালোচনা কৰি আহিছে ৷

Assam Government cabinet meeting
এইবাৰৰ মনোমোহা হাফলঙত কেবিনেট বৈঠক

দিছপুৰৰ বাহিৰত এইদৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি চৰকাৰে ৰাজকোষৰ ধনৰ অপব্যৱহাৰ কৰা বুলি দাবী তুলি আহিছে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কিন্তু এই সকলো সমালোচনাক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ উদাহৰণ দাঙি ধৰা পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছৰ আমোলত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থাকোতেও বৰঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা বুলি বিৰোধীক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : ক'ভিড পৰিস্থিতিৰ বাবেই বাতিল ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ মঁহযুজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.