ETV Bharat / city

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন : কলাক্ষেত্রত ক্ৰীড়া পেঞ্চন দিৱস উদযাপন - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনত ৯৯ গৰাকী খেলুৱৈক মাহিলী ১০ হাজাৰ টকাকৈ ক্ৰীড়া পেঞ্চন আৰু ১৫৬ গৰাকী খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। যমুনা বড়ো (বক্সিং) আৰু সঞ্জয় বড়োক (আৰ্চাৰী) আনুষ্ঠানিকভাৱে আৱকাৰী পৰিদৰ্শকৰ চাকৰিৰ নিযু্ক্তি পত্র প্ৰদান কৰে চৰকাৰে ।

assam government celebrates arjun bhogeshwar baruas birthday
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন : কলাক্ষেত্রত ক্ৰীড়া পেঞ্চন দিৱস উদযাপন
author img

By

Published : Sep 3, 2021, 9:41 PM IST

গুৱাহাটী, ৩ ছেপ্তেম্বৰ: অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি শুকুৰবাৰে অসম চৰকাৰে উদযাপন কৰে ক্ৰীড়া পেঞ্চন দিৱস । এই উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান । উল্লেখ্য যে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সেই অনুসৰি শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰা হয় । কলাক্ষেত্রত আয়োজন কৰা ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখি আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অৰ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰশস্তি পত্র, জাপি, শৰাই আৰু উপহাৰৰ টোপোলাৰে ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে । অনুষ্ঠানত ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱনৰ আধাৰত নিৰ্মাণ কৰা এখন তথ্যচিত্র প্ৰদৰ্শন কৰা হয় ।

assam government celebrates arjun bhogeshwar baruas birthday
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন : কলাক্ষেত্রত ক্ৰীড়া পেঞ্চন দিৱস উদযাপন

এই অনুষ্ঠানত ৯৯ গৰাকী খেলুৱৈক মাহিলী ১০ হাজাৰ টকাকৈ ক্ৰীড়া পেঞ্চন আৰু ১৫৬ গৰাকী খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান ক‍াৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যিক ক্ৰীড়া নীতিৰ আধাৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপত (ছিনিয়ৰ) পদকজয়ী যমুনা বড়ো (বক্সিং) আৰু সঞ্জয় বড়োক (আৰ্চাৰী) আনুষ্ঠানিকভাৱে আৱকাৰী পৰিদৰ্শকৰ চাকৰিৰ নিযু্ক্তি পত্রৰে সন্মানিত কৰা হয় ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়- ' ছিনিয়ৰ নেচনেল গেমছত পদক পোৱা সকলৰ চাকৰি নকৰাসকলক অহা বছৰৰ পৰা ক্ৰীড়া পেঞ্চন আৰু চাকৰি কৰা সকলক এককালীন সাহায্য প্ৰদানৰ বাবে চেষ্টা কৰিম । আনহাতে, চৰকাৰী চাকৰিৰ ক্ষেত্রত ক্ৰীড়াৰ বাবে পদ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । ক্ৰীড়াৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে আমাৰ চৰকাৰে কাম কৰি আহিছে বুলিও মন্তব্য কৰে তেওঁ ৷

  • Along with Hon Gov Prof @jagdishmukhi & Ministers glad to have attended Sports Pension Award Ceremony, 2021-22, organised for first time by GoA to mark celebrations of 85th Jayanti of Arjun Bhogeswar Baruah, 1st Assamese athlete to win gold medal for Assam at international level. pic.twitter.com/nDWCb3mfoW

    — Himanta Biswa Sarma (@himantabiswa) September 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয়, ৫২ টা সমষ্টিত ক্ৰীড়া প্ৰকল্পৰ কাম চলি আছে আৰু এই বছৰ আৰু ৪০ টা ক্ৰীড়া প্ৰকল্পৰ কাম আৰম্ভ হ'ব । ইয়াৰ বাবে ১২ কোটিকৈ টকা দিয়া হ'ব । ক্ৰীড়া ক্ষেত্রত পূৰ্বে ইমান বিনিয়োগ হোৱা নাছিল, গুৱাহাটীৰ চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্ৰকল্পত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব । ইয়াৰ বাবে, ১০০ কোটি টকা অনুমোদন জনোৱা হৈছে । আনহাতে ১০ খন জিলাত ৫০ কোটি টকা ব্যয় সাপেক্ষে জিলা পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব।

ক্ৰীড়াৰ বাবে চৰকাৰে এইবছৰৰ বাজেটত এহাজাৰ কোটি টকা ধাৰ্য কৰিছে বুলিও ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে ক্ৰীড়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয় উল্লেখ কৰে । অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখিয়ে ক্ৰীড়াৰ উন্নয়ণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে । ইফালে, ওপজা দিনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয়, ''মোৰ মনত যি অলপ দুখ আছিল আজি সকলো নাইকিয়া হ'ল। আজি মোৰ অন্তৰ মুকলি হ'ল ।''

চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ তথা দায়িত্ব গ্ৰহণৰ বাবে তেওঁ অন্তৰৰ পৰা আজি সুখী বুলি মন্তব্য কৰে ৷ ভাষণ প্ৰসংগত তেওঁ নিজৰ ক্ৰীড়া জীৱনৰ সংগ্ৰামপূৰ্ণ ইতিহাসৰ কথা উল্লেখ কৰে । অনুষ্ঠানত ক্ৰীড়া মন্ত্রী বিমল বৰা, আৱকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাগৰাকী মন্ত্রী, সাংসদ, বিধ‍ায়কৰ উপৰি বহুসংখ্যক ক্ৰীড়াবিদ তথা খেলুৱৈ উপস্থিত আছিল ।

লগতে পঢ়ক : নদীবান্ধ বিৰোধী আন্দোলনত শ্বহীদ বৰণ কৰিবলৈ সাজু AJYCP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.