গুৱাহাটী, 31 জুলাই : ৰাজ্যত বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নৈ । যোৰহাট আৰু ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নৈ, শিৱসাগৰ জিলাত দিচাং নৈ, শোণিতপুৰ জিলাত জীয়া ভৰালী নৈ বিপদ সীমাৰ ওপৰত আছে । ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'বলৈ ধৰিছে যদিও এতিয়াও বহু অঞ্চল পানীৰ তলতে আছে । ৰাজ্যৰ ৩৩ খন জিলাৰ ৩০ খন জিলাই দ্বিতীয়টো বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও বর্তমান ১২ খন জিলাৰ ২৬ টা ৰাজহ চক্ৰৰ ৬৯১ খন গাঁৱৰ ৫,১৮,৬২৪ সংখ্যা লোক এতিয়াও বানপানীৰ কবলত আছে । বছৰৰ দ্বিতীয়টো বানত ৰাজ্যত বানপানীৰ ফলত মৃত্যু হৈছে ৮৬ গৰাকী ব্যক্তিৰ ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানটো বানে প্ৰলয় সৃষ্টি কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯৫ শতাংশ এলেকা বানৰ কবলত পৰাত উদ্যানখনৰ বহু বন্যপ্ৰাণীৰ মৃত্যু হয় ৷ লগতে আশ্ৰয় বিচাৰি বহুত সংখ্যক বন্যপ্ৰাণীয়ে গতি কৰে কাৰ্বি আংলং পাহাৰলৈ ।