ETV Bharat / city

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু ! - অসমৰ জাতীয় সমস্যা

ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ আজি ৰাজ্যখনৰ বান আক্ৰান্ত জিলাৰ সংখ্যা 9খনলৈ হ্ৰাস পালেও এতিয়ালৈকে তিনিগৰাকী লোক বানৰ কৱলত পৰি মৃত্যুমুখত পৰিছে ৷

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

author img

By

Published : May 28, 2020, 11:32 PM IST

গুৱাহাটী, 28 মে' : অপৰিবৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি । বৰ্তমানেও বানৰ ফলত ৰাজ্যত প্ৰভাৱিত হৈ আছে 2,94,170 গৰাকী লোক । বান প্ৰভাৱিত জিলাৰ সংখ্যা পূৰ্বৰ 11 খনৰ পৰা 9 লৈ হ্ৰাস পাইছে ।

ৰাজ্যখনৰ বান পৰিস্থিতিৰ এক দৃশ্য
ৰাজ্যখনৰ বান পৰিস্থিতিৰ এক দৃশ্য

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি অধিক জটিলৰ দিছে গতি কৰিছে ৷ বুধবাৰে ৰাজ্যৰ 11 খনকৈ জিলা বানপানীৰ ফলত প্ৰভাৱিত আছিল আৰু বৃহস্পতিবাৰৰ দিনটোত 2 খন জিলাত বান পৰিস্থিতি কিছু উন্নত হোৱাত বৰ্তমান 9 খন জিলা বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে । ৰাজ্যৰ 9 খন জিলাৰ 15 খন ৰাজহ চক্ৰৰ 300 খনকৈ গাঁও এতিয়া পানীৰ তলত ।

বানৰ কৱলত পৰা সাধাৰণ জনতা
বানৰ কৱলত পৰা সাধাৰণ জনতা

বুধবাৰৰ তুলনাত 21 খনকৈ গাঁৱত হ্ৰাস পাইছে বাঢ়নী পানী । ধেমাজি, নগাঁও, হোজাই, দৰং, নলবাৰী, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিস্তৃত অঞ্চলত এতিয়াও পানীৰ তলতে আছে । বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ কৃষিজীৱি ৰাইজলৈ অধিক সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । এতিয়া ৰাজ্যৰ 21,572.30 হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত । বানপানীৰ ফলত এতিয়া বহু ৰাইজ ঘৰ এৰি ৰাজপথত আশ্ৰয় ল'বলৈ বাধ্য হৈছে ।

বানৰ ফলত ক্ষতিগ্ৰস্থ হোৱা খেতিপথাৰ
বানৰ ফলত ক্ষতিগ্ৰস্থ হোৱা খেতিপথাৰ

ৰাজ্যৰ বান প্ৰভাৱিত 9 খন জিলাৰ ভিতৰত গোৱালপাৰা আৰু নলবাৰী জিলা সবাতোকৈ বেছি প্ৰভাৱিত হৈছে । গোৱালপাৰা জিলাত মেঘালয়ৰ পানীয়ে বহু অঞ্চল প্লাৱিত কৰাৰ বিপৰীতে বুধবাৰে নলবাৰী জিলাত বুঢ়াদিয়া নদীয়ে মথাউৰি চিঙি পেলোৱাত নলবাৰী জিলাৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । ৰাজ্যত জীয়া ভৰালী, পুঠিমাৰী আৰু নিমাটিঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.