ETV Bharat / city

বান পৰ্যালোচনা বৈঠকত বৰপেটাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক

author img

By

Published : Jun 30, 2022, 5:11 PM IST

বান পৰ্যালোচনা বৈঠকত বৰপেটা জিলাৰ উপায়ুক্তক ধমক দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ জিলাখনৰ বান পৰিস্থিতিৰ লগত ভালদৰে মোকাবিলা কৰাৰ বাবে কঠোৰ নিৰ্দেশ (Flood situation in Barpeta)।

বৰপেটাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক
বৰপেটাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক

গুৱাহাটী, 30 জুন : কিছুদিন পূৰ্বে দৰং জিলাৰ উপায়ুক্তক ধমক দিয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ভিডিঅ’ কনফাৰেন্সিংযোগে ধমক দিলে বৰপেটা জিলাৰ উপায়ুক্তক (Assam CM rebuke Barpeta DC)। ৰাজ্যৰ বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহাৰ্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে উপায়ুক্তসকলৰ সৈতে মিলিত হয় মুখ্যমন্ত্ৰী (CM video conference with DC)৷ জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাযোগে জিলা উপায়ুক্তসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

Assam CM review on flood situation
বান পৰ্যালোচনা বৈঠক

এই বৈঠকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূশালক ধমক দি জিলাখনৰ বান পৰিস্থিতিৰ লগত ভালদৰে মোকাবিলা কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে (Flood situation in Barpeta)। মুখ্যমন্ত্ৰীয়ে জিলাখনত বান সাহায্যৰ নামত গাফিলতি কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে বৰপেটা জিলা উপায়ুক্তক কঠোৰ নিদেৰ্শ দিয়ে । এই বৈঠকতে বানপানীৰ ক্ষয়-ক্ষতি, সাহায্য সামগ্ৰী প্ৰদান সম্পৰ্কত লোৱা ব্যৱস্থাৱলীৰ বিতংভাৱে বুজ লয় মুখ্যমন্ত্ৰীয়ে (Assam CM review on flood situation)৷

বানত প্ৰভাৱিত হোৱা কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশনা প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰি যিসকল লোকে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ আদিৰ দৰে ঠাইত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰি আছে তেনে প্ৰতিটো পৰিয়ালে বস্ত্ৰ, ঘৰুৱা আচ-বাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ লাভ কৰিব ৷ এই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত এনেদৰে আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশনা প্ৰদান কৰে ৷

Assam CM review on flood situation
বান পৰ্যালোচনা বৈঠক

তেওঁ জনায় যে, শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই গৃহ জৰীপ কাৰ্যৰ ভিত্তিত ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰা হ’ব ৷ এই তালিকাখন প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তথা সচিবে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি ইয়াৰ সত্যাসত্য নিৰূপণ কৰিব ৷ পৰৱৰ্তী ২০ জুলাইৰ পাছত গৃহ ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্যৰ ধনৰাশি প্ৰদান কৰা হ’ব ৷

বৈঠকতে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা পশুধন,তাঁতশালকে ধৰি অন্যান্য সামগ্ৰী বা কোনো ব্যক্তি যদি বানত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই সন্দৰ্ভত এখন তালিকা প্ৰস্তুতৰ বাবে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সকলকনিৰ্দেশনা প্ৰদান কৰে ৷

সমগ্ৰ সাহাৰ্য প্ৰদান তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো অহা ১৫ আগষ্টৰ ভিতৰত যাতে সম্পূৰ্ণ হয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সাম্প্ৰতিক বানত যিবোৰ মথাউৰি তথা পথ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহৰ আন্তঃগাঁথনিৰ মেৰামতিৰ কাম ৰাজ্য চৰকাৰে আৰম্ভ কৰিব ৷ শিবিৰ অথবা অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰি থকা বান প্ৰভাৱিত যিসকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰকে ধৰি প্ৰয়োজনীয় শিক্ষণ আচবাব-পত্ৰ বিনষ্ট হৈছে সেইসকল বিদ্যাৰ্থীৰ পৰৱৰ্তী পৰ্যায়ত অধ্যয়নৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে ১,০০০ টকাকৈ প্ৰদান কৰিব ৷

ইয়াৰ বাবে ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ ভিডিঅ’ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীৰ সভাকক্ষত সতীৰ্থ মন্ত্ৰী অশোক সিংঘাল, পীযুষ হাজৰিকা, মন্ত্ৰী নন্দিতা গাৰ্লোচা, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে উপায়ুক্তসকলৰ সৈতে অভিভাৱক মন্ত্ৰী, সচিব তথা বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : প্ৰৱল বানত জোনাইত দুজন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.