ETV Bharat / city

অসমৰ মিডিয়াই কাক বহু অত্যাচাৰ কৰিলে !

বিধানসভাত আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam assembly Budget Session) । সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব, দুখীয়া হৈ থাকিব বুলি কটুক্তি মুখ্যমন্ত্ৰীৰ । ঋণ কিয় ল'ব লাগে জানিবলৈ সদনৰ পাঁচজনীয়া দল কেৰালা, পাঞ্জাৱ আদি ৰাজ্য ঘূৰি সেই ৰাজ্যৰ বিত্তমন্ত্ৰীৰে মত বিনিময় কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ।

cm reaction in assembly about media
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Dec 22, 2021, 5:16 PM IST

গুৱাহাটী, ২২ ডিচেম্বৰ : অসম বিধানসভাৰ বাজেট অধিবেশন(Assam assembly Budget Session)ৰ তৃতীয় দিনা সদনত আক্ৰমণাত্ম(Assam cm reaction in assembly)ক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অসমৰ সংবাদ মাধ্যমৰ প্ৰসংগ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ মিডিয়াই মোক যিমান চাবোনৰ ধুলাই দিছে পৃথিৱীত কাকো দিয়া নাই । অসমৰ মিডিয়াই মোক বহু অত্যাচাৰ কৰিলে ৷ মোক হত্যাকাৰীও সজালে ৷ বেলেগ মানুহ হোৱা হ'লে ছুইচাইডেই কৰিলে হয় । মই সাহসেৰে আছো ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসমৰ মিডিয়াই ক'ভিড(Covid 19 Impact in Assam)ৰ সময়ত বিজ্ঞাপন পোৱা নাই ৷ সেয়েহে মই পীযুষ হাজৰিকাক কৈছিলো মিডিয়াক বিজ্ঞাপন দিবলৈ । বেলেগকৈতো আমি সহায় কৰিব নোৱাৰো । মিডিয়াক সহায় কৰাৰ বাবে আপোনালোকে বেয়া পাব নালাগে ।' বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীকো বহুকেইটা বিষয়ত প্ৰত্যুত্তৰ দিয়ে । অসম চৰকাৰ ঋণত চলি আছে বুলি সততে অভিযোগ কৰা বিধায়ক অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

cm reaction in assembly about media
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অখিল গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব, দুখীয়া হৈ থাকিব । ৭০ বছৰত তিনিখন মেডিকেল কলেজৰ পৰা বঢ়াব পৰা নাছিল । আমি উদ্যোগ লৈছো । কেৰালা অনুকৰণীয় ৰাজ্য বুলি সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আমি কেৰালাক অনুকৰণ কৰো । অহা বছৰ ১৮ হাজাৰ কোটি টকা ঋণ ল'ম ৷ তাৰ পিছৰ বছৰত ২২ হাজাৰ কোটি টকা ল'ম । অসমৰ জিডিপি বৃদ্ধি পাইছে । মই মুখ্যমন্ত্ৰী হৈ থকালৈকে ঋণ লৈ যাম আৰু পিছৰ মুখ্যমন্ত্ৰীসকলকো ঋণ ল'বলৈ কম ৷

ঋণ লোৱাৰ প্ৰসংগত তেওঁ যুক্তি দৰ্শাই লগতে কয়-' এইবছৰ মই ১৪ হাজাৰ কোটি টকা ঋণ ল'ম । মই গৌৰৱৰে সৈতে ঋণ ল'ম । অহা বছৰ আৰু বেছি ল'ম । বিধানসভাই এইবছৰ মোক ১৬ হাজাৰ কোটি টকা ল'বলৈ অনুমতি দিছে । মই ১৪ হাজাৰ কোটি টকা ল'ম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব । বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গৌৰৱেৰে ঋণ ল'ম আৰু ঋণেৰে ১,৯০০ দলং নিৰ্মাণ কৰিম । আইনদী আৰু ডিব্ৰুগড়ত মথাউৰি নিৰ্মাণ কৰিম ।

সদনৰ পাঁচজনীয়া দল এটা কেৰালা, পাঞ্জাৱ আদি ৰাজ্য ঘূৰি সেই ৰাজ্যৰ বিত্তমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিলে বুজি পাব ঋণ কিয় ল'ব লাগে ৷ ভাৰতৰ ভিতৰত পে’ট্ৰলৰ ওপৰত কৰ অসমত আটাইতকৈ কম । মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত বিধানসভাৰ এটা দল যাওক কেৰেলালৈ ৷ এটা দল অখিল গগৈৰ নেতৃত্বত যাওক পশ্চিমবংগলৈ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : Assam assembly winter season : তিনি বছৰত ২৫,৭৬৯.২২ কোটি টকাৰ GST সংগ্রহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.