ETV Bharat / city

বৰাকৰ পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত - ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ। বুধবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ ৷

বৰাকৰ পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : May 18, 2022, 11:00 PM IST

গুৱাহাটী,১৮ মে' : ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ । বুধবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ পাছত জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে অসমৰ ২৬ খন জিলা বানৰ কৱলত পৰিছে যদিও ডিমা হাচাও, হোজাই আৰু বৰাক উপত্যকাৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে । ডিমা হাচাওৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷

তেওঁ কয় যে লামডিঙৰ পৰা জাতিংগালৈ ৰাস্তা মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে । জাতিংগাৰ পৰা হাফলঙলৈ ৰাস্তা মুকলিৰ প্ৰয়াস অব্যাহত আছে । আজি পুৱা বায়ু সেনাৰ বিমান যোগে ডিমা হাচাওলৈ ৪ মেট্ৰিক টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে । পাহাৰীয়া জিলাখনৰ হাফলং আৰু উমৰাংচ'ত বিদ্যুৎ সেৱাৰ লগতে মোবাইল সেৱা পুণৰ আৰম্ভ হৈছে । কাইলৈ পুৱা হাফলঙলৈ ১২ মেট্ৰিক টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব । আনহাতে মন্ত্ৰী বিমল বৰা আৰু যোগেন মহন কাইলৈ হাফলঙত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ যাৱতীয় সহায়-সহযোগিতা আগবঢ়াব । বৰাকৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, মেঘালয়ত হোৱা ভূমিস্খলনৰ বাবে বৰাকৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

এইক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আজি ৰাজ্যখনৰ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত সকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ যোগে আলোচনা কৰা হয় । আজি ৰাষ্ট্ৰীয় ঘাইপথৰ এটা লেন মুকলি কৰাৰ ফলত খাদ্য সামগ্ৰী বৰাকলৈ প্ৰেৰণ কৰা হৈছে । পৰিস্থিতি ভাল হ'লে দুয়োটা লেন খুলি দিয়া হ'ব । বৰাকত ২২ হাজাৰ মেট্ৰিক টন চাউলৰ উপৰি সাত দিনৰ বাবে ইন্ধন মজুত আছে ।

কেন্দ্ৰই ভাৰতীয় খাদ্য নিগমৰ পৰা চাউল লোৱাৰ অনুমতি দিছে । মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আশ্বস্ত কৰি কয় যে শংকাৰ কোনো কাৰণ নাই । ৰাজ্য চৰকাৰ সেৱা আগবঢ়োৱাৰ বাবে ২৪ ঘণ্টাই প্ৰস্তুত হৈ আছে । উদ্ধাৰ আৰু বান সাহাৰ্যৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংঘাল কাইলৈ শিলচৰলৈ যাব । আনহাতে হোজাইত সেনা বাহিনী, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, হোজাইত উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ বাবে যাব মন্ৰী অতুল বৰা আৰু ডাঃ ৰণোজ পেগু ।

লগতে পঢ়ক: কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক

ইফালে বৰাকৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে 'ফ্লাই বিগ' বিমানৰ যোগেদি বৰাকত আবদ্ধ লোকসকল কাইলৈৰ পৰা দহ দিন গুৱাহাটীলৈ আহিব পাৰিব । ইয়াৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে । সেই অনুসৰি বিমান ভাড়া তিনি হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে । অতিৰিক্ত খৰচ ৰাজ্য চৰকাৰে বহন কৰিব । আনহাতে ডিমা হাচাওত আৱদ্ধ লোকসকল খাদ্য সামগ্ৰী দিবলৈ যোৱা বায়ু সেনাৰ বিমানত শিলচৰ আৰু যোৰহাটলৈ আহিব পাৰিব ।

বান সাহাৰ্যৰ বাবে কেন্দ্ৰই ১০০০ কোটি টকা দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ইতিমধ্যে জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে । আনহাতে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, তৃতীয় আৰু চতুৰ্থ গ্ৰেডৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কাৰ্ড অবিহনে মেন্যুৱেলি পঞ্জীয়ন কৰিব পৰা যাব । সেইদৰে ক'ভিডৰ পাছত বিদ্যুতৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোম্পানীৰ পৰা ৰাজ্য চৰকাৰে ৪৯৫ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কেবিনেটৰ সিদ্ধান্ত অনুসৰি দৈনিক ১০ লাখ লিটাৰ দুগ্ধ উৎপাদনৰ বাবে কোম্পানী গঠন কৰা হৈছে । আনহাতে নেছনেল ফৰেনছিক বিশ্ববিদ্যালয়ৰ বাবে আজিৰ কেবিনেটে কমলপুৰত মাটিৰ আৱণ্টন দিয়ে । সেইদৰে নতুন ৰাজভৱনৰ বাবে বেলিভিউ হোটেলকে ধৰি ইয়াৰ সমীপৰ ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত আজিৰ কেবিনেটে অনুমোদন জনায় । আনহাতে শিলসাঁকো বিলৰ উচ্ছেদ সন্দৰ্ভত স‍াংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, আবেদন কৰিলে তেওঁলোকক ভূমি দিয়া হ'ব আৰু লাগিলে ক্ষতিপূৰণ দিয়া হ'ব । কিন্তু পানী যোৱাৰ পথত কোনোবা আহিলে উচ্ছেদ কৰা হ'ব । পানী যোৱাৰ পথ অবৰোধ হ'ব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে কয় । সংবাদমেলত মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাও উপস্থিত আছিল ।

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল'-'গাধ' আখ্যা নীলমণিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.