ETV Bharat / city

বাজেট 2020 : শক্তি খণ্ডৰ বাজেট !

2020-21 বৰ্ষৰ বাজেটত 2498 কোটি টকাৰ লগতে অতিৰিক্তভাৱে 935 কোটি টকা আৱন্টন দিয়া হৈছে শক্তিখণ্ডৰ বাবে ৷

বাজেট 2020 : শক্তি খণ্ডৰ বাজেট !বাজেট 2020 : শক্তি খণ্ডৰ বাজেট !
বাজেট 2020 : শক্তি খণ্ডৰ বাজেট !
author img

By

Published : Mar 6, 2020, 7:08 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ : শক্তিখণ্ডৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ 100 শতাংশ ঘৰ-গৃহস্থী আৰু 100 শতাংশ গাঁৱলৈ বিদ্যুৎ যোগান ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি দাবী কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত চাৰি বছৰত বিদ্যুৎ যোগান বিভাগে 17,033 চাৰ্কিট কিলোমিটাৰ 11 কেভি লাইন আৰু 39,629 চাৰ্কিট কিলোমিটাৰ এলটি লাইন যোগ দিয়া হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি স্থাপন কৰা হৈছে 28,437 টা নতুন ট্ৰান্সফৰ্মাৰ ৷ জ্যোতিষ্মমান অসম আঁচনিৰ দ্বাৰা মাহিলী 30 ইউনিট পৰ্যন্ত বিজুলী শক্তি ব্যৱহাৰ কৰা পৰিয়াল সমূহলৈ বিনামূলীয়া বিজুলী যোগানৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ ইয়াৰ বাবে ব্যয় হ'ব প্ৰায় 250 কোটি টকা ৷ বিদ্যৎ মাচুল ব্যয়সাধ্য কৰি ৰখাৰ বাবে এ পি ডি চি এললৈ 300 কোটি টকা আগবঢ়াইছে চৰকাৰে ৷ বিদ্যুৎ সংযোগৰ 'ক' শাখাৰ 38 লাখ গ্ৰাহকলৈ ৰাজসাহায্য অব্যহত থাকিব ৷ মাহিলী 120 ইউনিটলৈ প্ৰতি ইউনিটত 1.01 টকা হাৰত দিয়া হ'ব ৰাজ সাহায্য ৷

2020-21 বৰ্ষৰ বাজেটত 2498 কোটি টকাৰ লগতে অতিৰিক্তভাৱে 935 কোটি টকা আৱন্টন দিয়া হৈছে শক্তিখণ্ডৰ বাবে ৷

শক্তি বিভাগে মুঠ তিনি পৰিসীমিত প্ৰতিষ্ঠানৰ দ্বাৰা বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণ কৰে ৷ এই তিনিটা হ'ল - অসম শক্তি বিতৰণ নিগম(APDCL), অসম বিদ্যুৎ গ্ৰীড নিগম (AEGCL), আৰু অসম শক্তি উৎপাদন নিগম(APGCL) ৷ আগন্তুক বৰ্ষৰ ভিতৰত 13.5 মেগাৱাট শক্তি সম্পন্ন মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, 100 মেগাৱাট শক্তি সম্পন্ন নামৰূপ শক্তি প্ৰকল্প কাৰ্যক্ষম কৰি অতিৰিক্ত 113.5 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে ৷ নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লৈছে চৰকাৰে ৷ এই প্ৰকল্পই 120 মেগাৱাট শক্তি উৎপাদন কৰিব ৷ তাৰোপৰি আমগুৰিত 70 মেগাৱাট শক্তিসম্পন্ন এটা সৌৰশক্তি প্ৰকল্পৰ কাম 2021 চনৰ মাৰ্চত আৰম্ভ হ'ব বুলি জানিবলৈ দিছে বিত্তমন্তৰীগৰাকীয়ে ৷

Conclusion:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.