ETV Bharat / city

অসম বাজেট 2020-21 : থোৰতে গৃহ আৰু ৰাজনৈতিক বিভাগ

সদনত আজি উত্থাপন কৰা হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধূতি-পাঞ্জাৱী পৰিধান কৰি সদনত উত্থাপন কৰে বিত্তীয় বাজেট ৷ চলিত বাজেটত গৃহ আৰু ৰাজনৈতিক বিভাগক লৈ কেবাটাও গুৰুত্ব পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ৷

অসম বাজেট 2020-21 : থোৰতে গৃহ আৰু ৰাজনৈতিক বিভাগ
অসম বাজেট 2020-21 : থোৰতে গৃহ আৰু ৰাজনৈতিক বিভাগ
author img

By

Published : Mar 6, 2020, 5:45 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ : ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি আহিছে গৃহ আৰু ৰাজনৈতিক বিভাগে ৷ বিভাগটোৰ বাবে চলিত বৰ্ষৰ বিত্তীয় বাজেটত 5233 কোটি টকা আবণ্টন দিয়ে অসম চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বিত্ত বিভাগে ঘোষণা কৰা মৈত্ৰী অভিযানৰ বিপৰীতে এতিয়ালৈকে 245 কোটি টকা মুকলি কৰি দিছে ৷ প্ৰথম পৰ্যায়ত 73খন আৰক্ষী চকীৰ ভিতৰত 32 খন আৰক্ষী চকীৰ কাম সম্পূৰ্ণ হৈছে আৰু 2020ত আন 10খনৰ কাম সম্পূৰ্ণ হ'ব ৷ এতিয়াৰে পৰা বেৰেক নিৰ্মাণ আৰু যোগাযোগ-যাতায়তকে ধৰি অন্যান্য় আন্ত:গাঁথনি আদিৰ কামো এই অভিযানে সামৰি ল'ব ৷ পৰৱৰ্তী বিত্তীয় বৰ্ষত মৈত্ৰীৰ বাবে 196.69 কোটি টকা আবণ্টন দিয়া হ'ব ৷ দেৰগাঁৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ একাডেমীখনক বিশ্বমানৰ কৰি গঢ়ি তোলা হ'ব ৷ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক চাইকেল যোগান আঁচনিৰ কাম অব্যাহত থাকিব ৷ ইয়াৰ লগতে বিদেশী ন্যায়াধীকৰণসমূহৰ স্বয়ংক্ৰিয়কৰণৰ প্ৰয়াসো অব্যাহত থাকিব ৷ ডায়েল 112 নামৰ ৰাজ্যিক আপাতকালীন সঁহাৰি কেন্দ্ৰ গুৱাহাটীত 2020ৰ মাৰ্চৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব ৷ আৰক্ষীৰ পৰিদৰ্শকৰ অধ:স্তন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীলৈ মাহিলী ৰেচনৰ বাবদ 2,000 টকালৈ বৃদ্ধি কৰা হয় ৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ 50 হাজাৰ আৰক্ষী বিষয়া-কৰ্মচাৰী তৎকালে উপকৃত হ'ব ৷ ইয়াৰ উপৰিও ড্ৰাগছৰ আগ্ৰাসন ৰোধৰ বাবে গৃহ আৰু ৰাজনৈতিক বিভাগক 10 কোটি টকা আছুতীয়াকৈ প্ৰদান কৰা হ'ব ৷

অসম আৰক্ষীক ৰাইজৰ প্ৰতি সেৱা প্ৰদানত গুৰুত্ব প্ৰদানেৰে প্ৰকৃততে এটা দক্ষ আৰু পাৰদৰ্শী বাহিনী হিচাপ গঢ়ি তোলাত অধিক গুৰুত্ব প্ৰদান কৰিব চৰকাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.