ETV Bharat / city

একাংশ সাংবাদিক,সংবাদগোষ্ঠীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিশ্বজিৎ নাথৰ

কয়লা মাফিয়াক সংগ দিয়া একাংশ সংবাদ গোষ্ঠী আৰু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ লিখিত অভিযোগ প্ৰেৰণ কৰে গুৱাহাটীৰ বিশ্বজিৎ নাথ নামৰ এগৰাকী সাংবাদিকে ৷ একাংশ সাংবাদিক আৰু সংবাদগোষ্ঠীৰ ওপৰত অভিযোগ উত্থাপন কৰে পত্ৰখনত ৷

author img

By

Published : Nov 13, 2020, 7:34 PM IST

Updated : Nov 14, 2020, 12:37 PM IST

as_ghy_coal_syndicate_pm_complain
একাংশ সাংবাদিক, সংবাদগোষ্ঠীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিশ্বজিৎ নাথৰ

গুৱাহাটী, 13 নৱেম্বৰঃ কয়লা মাফিয়াক সংগ দিয়া একাংশ সংবাদ গোষ্ঠী আৰু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ লিখিত অভিযোগ প্ৰেৰণ কৰে গুৱাহাটীৰ বিশ্বজিৎ নাথ নামৰ এগৰাকী সাংবাদিকে ৷ সাংবাদিক জনে কয়লা মাফিয়াৰ পৰা কোটি টকা সংগ্ৰহ কৰি অবৈধভাৱে কয়লা সৰবৰাহ কৰাত সহযোগ কৰা একাংশ সাংবাদিক আৰু সংবাদগোষ্ঠীৰ ওপৰত অভিযোগ উত্থাপন কৰে পত্ৰখনত ৷

সংবাদকৰ্মী নাথৰ অভিযোগ অনুসৰি কেইদিনমান পূৰ্বে মহানগৰীৰ কেইজনমান সাংবাদিক আৰু একাংশ সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীয়ে নিয়মিতভাৱে প্ৰতিমাহে কয়লা মাফিয়াৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ খবৰ এখন বিশেষ পত্ৰ যোগে ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ পত্ৰখনত সন্নিৱিষ্ট আছিল সাংবাদিক মনোজ নাথ আৰু এটা সংবাদগোষ্ঠীৰ স্বত্বাধিকাৰী সঞ্জীৱ জয়ছোৱালকে আদি কৰি কেইবাজনো লোকৰ নাম ৷ কিন্তু ইয়াৰ পিচতো উক্ত সাংবাদিক তথা সংবাদগোষ্ঠী কেইটাই কোনো ধৰণৰ নিজা স্পষ্টিকৰণ অথবা স্থিতি স্পষ্ট নকৰিল বুলি মন্তব্য প্ৰকাশ কৰিছে বিশ্বজিত নাথে ৷ সেয়েহে সাংবাদকৰ্মী বিশ্বজিত নাথে সমগ্ৰ বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ১১ নৱেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীলৈ এখন লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃছখন ৰাজ্যলৈ কেন্দ্ৰৰ অতিৰিক্ত ৪,৩৮২ কোটি টকা মুকলি

Last Updated : Nov 14, 2020, 12:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.