গুৱাহাটী, 12 জুন : এতিয়াৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ২০১৭ চনত শুভাৰম্ভ কৰিছিল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ সতি-সন্ততিৰ বাবে দুখন অভিলাষী আঁচনি । এখনৰ নাম দিয়া হৈছিল "আপোন ঘৰ" আৰু আনখনৰ "বিদ্যালক্ষ্মী" । "আপোন ঘৰ" আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে নিজাকৈ ঘৰ সাজিব খুজিলে বেংকৰ পৰা লোৱা ঋণৰ সুদৰ ৫ শতাংশ ঋণ লওঁতাই পৰিশোধ কৰিব লাগিব আৰু বাকী ৩.৫ শতাংশ চৰকাৰে পৰিশোধ কৰিব । অৰ্থাৎ এই আঁচনিৰ অধীনত ঋণ ল’লে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰে ৩.৫ শতাংশ ৰাজসাহায্য । এই আঁচনিত সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত চৰকাৰী কৰ্মচাৰীয়ে ঋণ ল’ব পাৰে ।
![Apon Ghar and Vidyalakshmi government 2 scheme sou obeisance](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-apon-ghar-bidya-laxmi-7206058_12062021170304_1206f_1623497584_373.jpeg)
ঠিক একেদৰে সন্তানৰ উচ্চ শিক্ষাৰ বাবে "বিদ্যালক্ষ্মী" আঁচনিৰ জড়িয়তেও ৰাজ্যিক কৰ্মচাৰীয়ে ৩.৫ শতাংশ ৰাজসাহাৰ্যত ঋণ ল’ব পাৰে । এই আঁচনিত সৰ্বাধিক ১০ লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰে চৰকাৰী কৰ্মচাৰীয়ে । এই দুয়োখন আঁচনিৰ বিপৰীতে ৰাজ্য চৰকাৰে বেংকক আদায় দিবলগীয়া সুতৰ নিজৰ অংশ অৰ্থাৎ ৩.৫ শতাংশ ২০২০ চনৰ মাৰ্চ মাহলৈকে বেংকক ঠিকেই আদায় দি আহিছিল যদিও হঠাতে চৰকাৰে নিজৰ সুদৰ অংশ পৰিশোধ কৰাটো বন্ধ কৰে ।
![Apon Ghar and Vidyalakshmi government 2 scheme sou obeisance](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-apon-ghar-bidya-laxmi-7206058_12062021170304_1206f_1623497584_416.jpeg)
২০২০ ৰ এপ্ৰিল মাহৰ পৰা আজি ১৪ মাহে চৰকাৰে বেংকক পৰিশোধ কৰা নাই সুদৰ নিজা অংশ । যাৰ ফলস্বৰূপে ৰাজ্যিক কৰ্মচাৰীৰ একাউন্টৰ পৰা সুদৰ সমুদায় ধন অৰ্থাৎ ৮.৫ শতাংশ বেংকে প্ৰতি মাহে কৰ্তন কৰি আহিছে । মহা ধুমধামেৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা দুখন অভিলাষী আঁচনিৰ শেহতীয়া অৱস্থা এয়া ।