ETV Bharat / city

APCC Training Camp: এঘাৰ বছৰৰ পিছত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ - APCC Training Camp

সুদীৰ্ঘ এঘাৰ বছৰৰ পিছত অসমত অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ(APCC state level training camp) ৷ বুধবাৰে এই প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা ৭০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷

APCC Training Camp
এঘাৰ বছৰৰ পিছত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিৱিৰ
author img

By

Published : Dec 15, 2021, 9:10 PM IST

গুৱাহাটী, 15 ডিচেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(Srimanta Sankaradeva Kalakshetra)ৰ প্ৰেক্ষাগৃহত দলৰ কৰ্মীসকলৰ ৰাজ্যিক পৰ্যায়ৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় (APCC state level training camp) । প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে, এঘাৰ বছৰৰ পিছত অসমত এনেধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে (Jitendra Singh in APCC training camp)। এই প্ৰশিক্ষণ জিলাৰ পৰা মণ্ডল আৰু মণ্ডলৰ পৰা ব্লক পৰ্যায়লৈ নিব লাগিব । অসমত তৃণমূল পৰ্যায়ৰ পৰা দলক শক্তিশালী কৰিব লাগিব । অসমৰ যুৱকসকলক কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট কৰিব লাগিব । অসম প্ৰদেশ কংগ্ৰেছে অসমত ৩৩ লাখ জন সদস্যৰ সভ্যভৰ্তিৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা কাৰ্যক প্ৰশংসা কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

এঘাৰ বছৰৰ পিছত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিৱিৰ

ভাষণ প্ৰসংগত জীতেন্দ্ৰ সিঙে কয় যে, কেন্দ্ৰৰ মোডীৰ চৰকাৰখন এখন মিছলীয়া চৰকাৰ । যিসকলে কংগ্ৰেছৰ পৰা বি জে পিলৈ গৈছে তেওঁলোকৰ বি জে পি দলত ৰাজনৈতিক অৱস্থা বেয়াৰ ফালে গতি কৰিছে । প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধনী অনুষ্ঠানটোত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, অসমত কংগ্ৰেছ দলক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে । তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ৭০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।

উল্লেখ্য যে, বুধবাৰে প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছৰ প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰম আৰু শুক্ৰবাৰে কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কে চি বেনুগোপাল উপস্থিত থাকিব । প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছৰ প্ৰশিক্ষণ কমিটীৰ সভাপতি ডি পি ৰায়, সমম্বয়ক সুমন লস্কৰ আৰু তত্বাৱধায়ক শচীন ৰাও প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰিছে । অনুষ্ঠানত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, ৰকিবুল হুছেইন, ৰানা গোস্বামী আদি উপস্থিত থাকে

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.