ETV Bharat / city

কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক আৰু সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক(APCC celebrates 137th foundation day at Guwahati) আৰু সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে গুৱাহাটী ৰাজীৱ ভৱনত উদযাপন কৰা হয় । সভাত সেৱাদলৰ নৱনিযুক্ত সভাপতি হিচাপে দীপ বায়নে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ।

apcc celebrate 137th foundation day at guwahati
কংগ্ৰেছৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Dec 28, 2021, 9:50 PM IST

গুৱাহাটী, ২৮ ডিচেম্বৰ : প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত মঙলবাৰে দলৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস(APCC celebrates 137th foundation day) উদযাপন কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । তেওঁ বৰ্তমান পৰিস্থিতিত দলৰ হকে সকলোকে এক উৎসাহীকৃত প্ৰাণ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় । ইয়াৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ সেৱাদলৰ ৰাষ্ট্ৰীয় সম্পাদক চন্দন বৰুৱাই সকলোকে শপতবাক্য পাঠ কৰোৱায় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

শপতবাক্য পাঠৰ পাছত সেৱাদলৰ দ্বাৰা এক ত্ৰিৰংগা শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ অন্তত সভাপতি ভূপেন কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই দলৰ প্ৰতিষ্ঠা কালৰ পটভূমি দাঙি ধৰে । ইয়াৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ আবু নাছাৰ ছাঈদ আহমেদৰ লিখিত ভাষণ পাঠ কৰে শৈলেন বৰাই । সভাপতি ভূপেন কুমাৰ বৰাই সাম্প্ৰতিক সময়ত দলৰ প্ৰাসঙ্গিকতাৰ সন্দৰ্ভত সকলোৰে সক্ৰিয় সহযোগিতা কামনা কৰে ।

apcc celebrate 137th foundation day at guwahati
কংগ্ৰেছৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ বলীন কুলি, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা আৰু নন্দিতা দাসৰ উপৰি বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে । ইয়াৰ পিছত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । এই উপলক্ষ্যে আয়োজন কৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ নৱনিযুক্ত সভাপতি হিচাপে দীপ বায়নে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ।

সভাৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সেৱাদলৰ প্ৰতিষ্ঠাপক এন এছ হাৰ্ডিকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ সেৱাদলৰ শৃংখলিত কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰি নিশ্চিতভাৱে দল শক্তিশালী হৈ উঠিব বুলি মত পোষণ কৰে । আনহাতে নৱনিযুক্ত সেৱাদলৰ সভাপতি দীপ বায়নে দলৰ সভাপতি ভূপেন কুমাৰ বৰাৰ গতিশীল নেতৃত্ব, ব্যক্তিত্ব আৰু বলিষ্ঠ পদক্ষেপৰ শলাগ লয় । সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক তথ্য সমৃদ্ধ আৰু সেৱাদলৰ ভূমিকা আৰু প্ৰাসংগিকতা উল্লেখ কৰে ।

লগতে পঢ়ক : বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় : দিগন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.