গুৱাহাটী, 14 মাৰ্চ : খেল' ইণ্ডিয়াৰ সাতোঁৰত 5 টাকৈ পদক লাভ কৰা সাতোঁৰবিদ অনুভূতি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হৈছে গোৱাত অনুস্থিত হ'বলগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত খেলুৱৈগৰাকীয়ে কয়, "মোৰ পৰৱৰ্তী লক্ষ্য গোৱাত অনুস্থিত হ'বলগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা লগতে মই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত মনস্তাত্বিক বিভাগত পঢ়ি আছো আৰু ভৱিষ্যতলৈ মই স্পৰ্ট চাইক'লজিৰ ওপৰত কাম কৰিব বিচাৰোঁ ৷"

খেলুৱৈগৰাকীয়ে পঢ়া আৰু খেলা কিদৰে একে সময়তে চলাই গৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "পঢ়া আৰু খেলাটো আগুৱাই নিবলৈ অলপ কঠিন হয় ৷ যিহেতু 2019 চনত মোৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আছিল ৷ ইয়াৰ বাবে মোৰ পঢ়াটো কিছু বাধা আহিছিল ৷ কিন্তু 2020 চনৰ আৰম্ভণিতে মোৰ পাৰ্ফমেন্সক লৈ মই সুখী ৷"
খেল ধেমালিৰ ক্ষেত্ৰত সৰুৰে পৰা মাক দেউতাকে সমৰ্থন কৰি অহাৰ কথা জানিবলৈ দি অনুভূতিয়ে কয়,"মই একো নজনা অৱস্থাৰ পৰাই মা-দেউতাই মোক খেল-ধেমালিৰ প্ৰতি বিশেষ উদগণি দি আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি মই এই অবস্থাত উপনীত হৈছো ৷"
অনুভূতিৰ পিতৃ সুৰেণ বৰুৱাই কয়,"সৰুৰে পৰাই তাইক মই ছোৱালী বুলি পিছুৱাই নাৰাখিছিলো, তাই ভালপোৱা কাম কৰিবৰ বাবে আগবঢ়াই নিছিলো ৷ মোৰ ঘৰৰ কাষতে থকা সৰুসজাইত তাইক মই অনুশীলন কৰিবৰ বাবে নাম লগাই দিছিলো আৰু যিকোনো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত তাইৰ লগত গৈছিলো ৷"
আৰু পঢ়ক : নিৰ্বাচনী হিংসা : নিকাছিত থকা বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ