ETV Bharat / city

অসমত ১৫ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ

author img

By

Published : Jul 14, 2022, 10:40 PM IST

উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) আৰু জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকসকলৰ সৈতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ভিডিঅ' কনফাৰেন্স । ১৮ বছৰৰ ঊৰ্ধৰ সকলোৱে বিনামূলীয়াকৈ লাভ কৰিব ক'ভিড প্ৰতিষেধকৰ সতৰ্কতামূলক পালি । জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণ যুক্তৰোগৰ সংক্ৰমণ সন্দৰ্ভত প্ৰতিদিনে পৰ্যালোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ ।

Amrit Mahotsav of Covid Vaccination in Assam
অসমত ১৫ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ

গুৱাহাটী, ১৪ জুলাই : দেশৰ আন ঠাইৰ লগতে অসমতো শুকুৰ বাৰৰ পৰা ১৮ বছৰ ঊৰ্দ্ধৰ সকলো যোগ্য লোকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ভিড প্ৰতিষেধকৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ড'জ । কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ আধাৰত ৰাজ্য চৰকাৰে অসমৰ ১৮-৫৯ বছৰ বয়সৰ লোকসকলক বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধকৰ সতৰ্কতামূলক পালি প্ৰদানৰ বাবে ১৫ জুলাইৰ পৰা অহা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি 'ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ'ৰ আয়োজন কৰিছে (Amrit Mahotsav of Covid Vaccination in Assam) ।

আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ক'ভিডৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ এই বিশেষ কাৰ্যসূচী অসমত শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই । গুৱাহাটীৰ আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰে পুৱা ৯ বজাত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিনামূলীয়া তৃতীয় পালি ক'ভিড টীকাকৰণৰ অভিযান উদ্বোধন কৰিব (Covid Vaccination in Assam)।

একেদৰে ৰাজ্যৰ সকলো জিলাতে কাইলৈ পুৱা উপায়ুক্তসকলে ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱৰ জিলাস্তৰীয় অভিযান মুকলি কৰিব । এই ৭৫ দিনীয়া বিশেষ অভিযানৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰে সকলো চৰকাৰী চিকিৎসালয় তথা ক'ভিড প্ৰতিষেধক কেন্দ্ৰত ১৮ বছৰৰ ওপৰৰ যোগ্য লোকসকলক বিনামূল্যে ক'ভিডৰ সতৰ্কতামূলক তৃতীয় পালি টিকা প্ৰদান কৰিব স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে তৃতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে দ্বিতীয় পালিৰ পৰা ৯ মাহৰ ব্যৱধানৰ পূৰ্বৰ সময়সীমা সংশোধন ঘটাই এই ব্যৱধান ছমাহলৈ হ্ৰাস কৰিছে ।

সেইমতে অসমতো ছমাহ পূৰ্বে দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে কাইলৈৰ পৰাই সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক ল'ব পাৰিব । ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ সফল কৰাত সহায় কৰাৰ লগতে নিজকে ক'ভিডৰ সুৰক্ষা কৱচেৰে শংকামুক্ত হ'বলৈ ৰাজ্যবাসীক আজি পুনৰবাৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ইফালে জিলাসমূহত কাইলৈৰ পৰা ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ সুচাৰু ৰূপে আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সকলো জিলা প্ৰশাসনলৈ ইতিমধ্যে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰেৰণ কৰিছে ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে সন্ধিয়া জিলাসমূহৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) আৰু জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সত মিলিত হৈ জিলাস্তৰত বিনামূলীয়া তৃতীয় পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ এই বিশেষ অভিযান পৰিচালনাৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ আলোচনা কৰে ।

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, এন এইচ এম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া পমী বৰুৱা উপস্থিত থাকে এই ভিডিঅ' কনফাৰেন্সত ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰে উপায়ুক্ত, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক আৰু এন এইচ এমৰ জিলা কাৰ্যসূচী প্ৰৱন্ধকসকলক নিজ নিজ জিলাত পূৰ্বৰ প্ৰথম আৰু দ্বিতীয় পালি ক'ভিড টীকাকৰণৰ দৰেই এইবাৰো সতৰ্কতামূলক তৃতীয় পালি প্ৰদানৰ অভিযান নিয়াৰিকৈ সম্পন্ন কৰিবলৈ আহ্বান জনায় । ইতিমধ্যে অসমৰ গৰিষ্ঠ সংখ্যক লোকেই প্ৰথম আৰু দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক লৈ সুৰক্ষিত হৈ থকাৰ বাবেই বৰ্তমান আন বহুৰাজ্যত ক'ভিডে পুনৰ ভয়াবহ ৰূপ লৈছে যদিও অসম এইক্ষেত্ৰত এইপৰ্যন্ত বহুখিনি নিৰাপদ অৱস্থানত থকা বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই উপায়ুক্তসকলৰ আগত পমতপোষণ কৰে ।

ইফালে এই ভিডিঅ' কনফাৰেন্সতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলো জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক জাপানীজ এনকেফেলাইটিজ তথা অতিমাত্ৰাত জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । বিশেষকৈ নিজ নিজ জিলাত জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণ যুক্তৰোগৰ সংক্ৰমণ সন্দৰ্ভত প্ৰতিদিনে পৰ্যালোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও উপায়ুক্তসকলক মন্ত্ৰীগৰাকীয়ে দিহা দিয়ে ।

তদুপৰি চিকিৎসা মহাবিদ্যালয় নথকা জিলাসমূহৰ আই চি ইউ থকা অসামৰিক চিকিৎসালয়সমূহতে তাৎক্ষণিক ভাৱে সন্দেহজনক জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগীক চিকিৎসা উপলব্ধ কৰোৱাৰ বাবেও মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকসকললৈ নিৰ্দেশনা আগবঢ়ায় ।

স্বাস্থ্য বিভাগে আজি দহখন জিলা অসামৰিক চিকিৎসালয়কো জাপানীজ এনকেফেলাইটিজ (Japanese Encephalitis in Assam) ৰোগীৰ চিকিৎসাৰ বাবে ডেজিগনেটেড চিকিৎসালয় হিচাপে ঘোষণা কৰাৰ বিষয়ে সদৰি কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে আৰু কেইখনমান জিলা অসামৰিক চিকিৎসালয়কো এই ৰোগত আক্ৰান্তৰ চিকিৎসাৰ বাবে চিকিৎসক আৰু আন সা-সুবিধাৰে সাজু কৰি ডেজিগনেটেড চিকিৎসালয় ৰূপে ঘোষণা কৰিব বুলি প্ৰকাশ কৰে ।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাৰ আধাৰত স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিজ ৰোগীৰ চিকিৎসা সন্দৰ্ভত সকলো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ লগতে এই ডেজিগনেটেড জিলা চিকিৎসালয়সমূহৰ প্ৰতিখনতে ইতিমধ্যে এগৰাকীকৈ ন'ডেল চিকিৎসা বিয়ষাক দায়িত্ব অৰ্পণ কৰি তেওঁলোকৰ ফোন নম্বৰো ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : Vehicle fitness certificate: যান-বাহনৰ ফীটনেছ প্ৰমাণ-পত্ৰ নবীকৰণৰ বিলম্ব মাচুল হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.