ETV Bharat / city

মিত্ৰতা প্ৰসংগত মুখ নুখুলিবলৈ বিধায়ক-নেতালৈ এআইইউডিএফৰ নিৰ্দেশ - AUIDF

AIUDF দলৰ সকলো জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু বিধায়কলৈ প্ৰেৰণ কৰা হৈছে এক বিশেষ পত্ৰ । য'ত উল্লেখ কৰা হৈছে, আগন্তুক বিধানসভা নিৰ্বাচনত এআইইউডিএফে কোন দলৰ সৈতে মিত্ৰতা কৰিব বা নকৰিব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব দলটোৰ কৰ্ণধাৰ সমিতিয়ে । এই বিষয়ে দলীয় নেতা-কৰ্মীক মন্তব্য় দিয়াৰ পৰা বিৰত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

Alliance Matter : AUIDF orders its leader and politician to shut their mouth
author img

By

Published : Jun 22, 2020, 6:21 PM IST

গুৱাহাটী, 22 জুন : 2021 বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰিব নেকি কংগ্ৰেছ আৰু এআইইউডিএফে ? নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজ্যৰ ৰাজনৈতিক মহলত সবাতোকৈ চৰ্চিত বিষয় হৈ পৰিছে এই প্ৰসংগটো । কিন্তু ভিতৰি যিয়েই নচলক কিয়, মিত্ৰতা প্ৰসংগত শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে গ্ৰহণ কৰিছে কৌশলী স্থিতি ।

ইটিভি ভাৰতৰ হাতত আহি পৰিছে এখন পত্ৰ, যিখন পত্ৰত স্বাক্ষৰ কৰিছে দলটোৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে । ইতিমধ্যে দলটোৰ সকলো জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু বিধায়কসকললৈ প্ৰেৰণ কৰা হৈছে এইখন পত্ৰ ।

বিধায়ক-নেতালৈ এআইইউডিএফৰ নিৰ্দেশ
বিধায়ক-নেতালৈ এআইইউডিএফৰ নিৰ্দেশ

পত্ৰখনত কোৱা হৈছে, আগন্তুক বিধানসভা নিৰ্বাচনত এআইইউডিএফে কোন দলৰ সৈতে মিত্ৰতা কৰিব বা নকৰিব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব দলটোৰ কৰ্ণধাৰ সমিতিয়ে ।

গতিকে মিত্ৰতা প্ৰসংগত যাতে সংবাদ মাধ্যমতে হওক বা আন কোনো সামাজিক মাধ্যমতে হওক, কোনো বিধায়ক বা নেতাই যাতে মুখ নুখুলে । স্বাভাৱিকতে দলটোৱে জাৰি কৰা এই নিৰ্দেশনাই এতিয়া তাৎপৰ্যপূৰ্ণ ভাৱে বিবেচিত হৈছে ।

আনহাতে এই নিৰ্দেশনা প্ৰসংগত দলটোৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে ইটিভি ভাৰতৰ আগত কয়, মিত্ৰতা প্ৰসংগত এতিয়াও কংগ্ৰেছৰ ফালৰ পৰা প্ৰস্তাৱ আহিয়েই আছে । কিন্তু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল'ব দলৰ কৰ্ণধাৰ সমিতিয়ে ।

মিত্ৰতা প্ৰসংগত মুখ নুখুলিবলৈ বিধায়ক-নেতালৈ এআইইউডিএফৰ নিৰ্দেশ

গতিকে এই বিষয়টোত দলৰ কোনো বিধায়ক বা নেতাই যাতে কোনোধৰণৰ মন্তব্য নকৰে তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে । যদি কোনোবাই এই বিষয়ত মন্তব্য কৰেও সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলিহে গ্ৰাহ্য কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে সম্পাদকগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.