ETV Bharat / city

Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

মেঘালয়ৰ সৈতে থকা ছটা বিবদমান এলেকা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এখন সৰ্বদলীয় বৈঠকত মিলিত হয় (All party meeting on Assam Meghalaya border conflict) । জানিব পৰা মতে, বিবদমান এলেকাৰ বহু ভূমি মেঘালয়ক এৰি দিব সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । ভূমি এৰি দিয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া । বিধানসভাত আলোচনা কৰাৰ পোষকতা বিৰোধী দলপতিৰ ।

all-party-meeting-with-cm-himanta-on-assam-meghalaya-border-conflict
Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক
author img

By

Published : Jan 18, 2022, 4:37 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে থকা অসমৰ সীমা সমস্যাক লৈ মঙলবাৰে কইনাধৰাত এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় (All party meeting on Assam Meghalaya border conflict) । মেঘালয়ৰ সৈতে থকা ছটা বিবদমান এলেকা (Disputed areas in Assam Meghalaya border) সন্দৰ্ভত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজনৈতিক দলৰে বৈঠকত মিলিত হয় ।

জানিব পৰা মতে, বিবদমান এলেকাৰ বহু ভূমি মেঘালয়ক এৰি দিব সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । কইনাধৰাত মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি আলোচনাত মিলিত হয় । উল্লেখ্য যে, ইতিমধ্যে অসম-মেঘালয় সীমা সমস্যা (Assam Meghalaya border conflict) সন্দৰ্ভত মুখ্যমন্ত্রী পৰ্যায়ত কেইবালানি বৈঠক অনুষ্ঠিত হৈ গৈছে ৷

আনহাতে, কেবিনেট মন্ত্রী পৰ্যায়ত গঠন কৰা কমিটিয়েও বিবদমান এলেকাৰ চৰজমিন পৰ্যবেক্ষণ কৰি ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে । সীমা বিবাদৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে মঙলবাৰে মুখ্যমন্ত্রীয়ে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই অনুসৰি, অসমে বহু ভূমি এৰি দিব লাগিব মেঘালয়ক ।

এই সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় যে, বিবদমান এলেকা আধা আধা ভাগত বিভক্ত হ'ব । ইয়াৰে ১৮.৫১ বৰ্গ কিল’মিটাৰ ভূমি অসমৰ অধিনলৈ অহাৰ বিপৰীয়ে ১৮.২৯ বৰ্গ কিল’মিটাৰ ভূমি মেঘালয়ৰ অধীনলৈ যাব । কিন্তু ইয়াৰে আকৌ ৫৯ বৰ্গ কিল’মিটাৰ ভূমিক লৈ এতিয়াও সমস্যা আছে ।

বৈঠকত এইটো কথাৰ ওপৰত আলোচনা কৰা হয় যে, চূড়ান্ত সিদ্ধান্ত যি হয়, এনেদৰে হ'ব যাতে, কেতিয়াও মেঘালয়ে এইকেইটা অঞ্চল নতুনকৈ দাবী কৰিব নোৱাৰিব, এইক্ষেত্রত সেই চুক্তি হ'ব ৷ আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সর্বদলীয় বৈঠকৰ বিপৰীতে বিধানসভাত সীমা সমস্যাৰ আলোচনা কৰাৰ পোষকতা কৰে ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত দেৱব্ৰত শইকীয়াই কয় যে, বৈঠকত বিবদমান অঞ্চলৰ তিনিটাকৈ এলেকা মেঘালয়ক এৰি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে ৷ কিন্তু বৈঠকত লোৱা প্ৰস্তাৱক আদৰণি জনোৱা নাই কংগ্ৰেছে । তেওঁ কয়, অসমৰ স্বাৰ্থত আগবাঢ়িলে বিৰোধী চৰকাৰৰ লগত থাকিব, নহ’লে নাথাকিব । অসমে যে বহু ভূমি মেঘালয়ক এৰিব লাগিব সেই কথা স্পষ্ট ।

আনহাতে, বিধায়ক দুৰ্গা দাস বড়োৱে জনাই যে অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত চৰকাৰক বিপিএফ দলে সমৰ্থন কৰিব । তেওঁ বিধানসভাত সমগ্ৰ বিষয় আলোচনাৰ পোষকতা কৰে । সেইদৰে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে কয় যে, আমি বিৰোধী পক্ষত নাই, চৰকাৰক পূৰ্ণ সমৰ্থন কৰি গৈ আছো ৷ কিবা ভাল খবৰ যদি আছে তেন্তে বিজেপিয়ে দিব ।

অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, আন্তঃৰাজ্যিক সীমা সমস্যাৰ ওপৰত চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে । মেঘালয়ৰ ১২টা স্থানক বিবদমান এলেকা হিচাপে চিনাক্ত কৰা হৈছে । মেঘালয়ৰ লগত আলোচনা অন্তত ৬ টা স্থানৰ সমাধান সূত্র ওলাইছে । সীমা সমস্যা সমাধানৰ এই পদক্ষেপক সকলো ৰাজনৈতিক দলে আদৰণি জনাইছে । তেওঁ কয় যে, সীমাত এনে বহু লোক আছে, যি দুইখন ৰাজ্যত ভোট দিয়ে, এই সমস্যাৰ ইয়াৰ দ্বাৰা সমাধান হ’ব ।

উল্লেখ্য যে, অসম-মেঘালয়ৰ বিবদমান এলেকা মুঠ ১২ টা । ইয়াৰে ৬ টা বিবদমান এলেকা সন্দৰ্ভত আলোচনা চলি আছে। বাকী ৬ টা বিবদমান এলেকা অতি স্পৰ্শকাতৰ । পৰৱৰ্তী সময়ত আলোচনা হ'ব অন্য ৬ টা এলেকাক লৈ । ইফালে, সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মঙলবাৰে বিয়লি ভাগত ৰাজ্যৰ আছু, এবছুকে ধৰি বহুকেইটা জাতীয়, জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰেও বৈঠকত অংশগ্ৰহণ কৰিব (Assam CM to discuss border conflict with organizations) ৷

লগতে পঢ়ক : Cabinet Meeting in Haflong : কেবিনেট বৈঠকৰ বাবে সাজু হাফলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.