ETV Bharat / city

কমৰেড উপেন তালুকদাৰ আৰু নাই

author img

By

Published : Dec 28, 2021, 10:17 PM IST

চি পি আইৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য তথা সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ মুখ্য উপদেষ্টা কমৰেড উপেন তালুকদাৰে সোমবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ আজীৱন কৃষক-শ্ৰমিক জনতাৰ প্ৰাপ্য অধিকাৰৰ হকে যুঁজ দি আহিছিল ৷

কমৰেড উপেন তালুকদাৰ আৰু নাই
কমৰেড উপেন তালুকদাৰ আৰু নাই

গুৱাহাটী, 28 ডিচেম্বৰ : কমিউনিষ্ট আৰু শ্ৰমিক আন্দোলনৰ অগ্ৰণী নেতা কমৰেড উপেন তালুকদাৰ আৰু নাই(Comrade Upen Talukdar is no more) ৷ গুৱাহাটীস্থিত নিজা বাসভৱনত সোমবাৰে পুৱা 6.30 বজাত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে । উপেন তালুকদাৰে আজীৱন কৃষক-শ্ৰমিক জনতাৰ প্ৰাপ্য অধিকাৰৰ হকে যুঁজ দি আহিছিল ৷

কমৰেড উপেন তালুকদাৰে অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচন(All India Students Federation Leader Upen Talukdar)ৰ জৰিয়তে কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহিছিল ৷ তেওঁ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ নেতৃত্ব বহন কৰি মৃত্যুৰ সময়লৈকে মুখ্য উপদেষ্টা(All India Trade Union Congress chief advisor) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ চি পি আইৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ এজন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । তালুকদাৰ অল আছাম কনষ্ট্ৰাকচন ৱাৰ্কাচ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ।

কমৰেড উপেন তালুকদাৰ আৰু নাই
কমৰেড উপেন তালুকদাৰ আৰু নাই

অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদকো আছিল কমৰেড উপেন তালুকদাৰ । ভাৰতীয় জীৱন বীমা নিগম(Life Insurance Corporation of India employee)ৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈ দলৰ কাম-কাজত আত্মনিয়োগ কৰিছিল চিৰকুমাৰ কমৰেড উপেন্দ্ৰনাথ তালুকদাৰে । কমৰেড তালুকদাৰৰ মৃত্যু দলৰ লগতে শ্ৰমিক আন্দোলনৰ অপূৰণীয় ক্ষতি । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 85 বছৰ ।

তেখেতলৈ চি পি আইৰ অসম ৰাজ্যিক পৰিষদ, সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতি, এ আই কে এছৰ অসম ৰাজ্য পৰিষদ আৰু ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে গভীৰ শ্ৰদ্ধা অৰ্পণ কৰি লাল চালাম জনায় ।

লগতে পঢ়ক : Shortage of doctors, nurses in District Hospital : ৪৫ শতাংশ চিকিৎসক আৰু ৫০ শতাংশ নাৰ্ছৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.