ETV Bharat / city

দিহিং পাটকাইত খননৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ কলিতা জনগোষ্ঠীয় সন্মিলনৰ

author img

By

Published : May 24, 2020, 7:28 PM IST

পাটকাইত মুক্ত কয়লা খননৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে কলিতা জনগোষ্ঠীয় সন্মিলনৰ তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰে তাৎক্ষনিকভাৱে দিহিং পাটকাইত মুক্ত খননৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ।

ETV BHARAT
দিহিং পাটকাইত খননৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ

গুৱাহাটী, ২৪ মেঃ দিহিং-পাটকাইত মুক্ত কয়লা খননৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ সদৌ অসম কলিতা জনগোষ্ঠীয় সন্মিলনৰ বিষয়ববীয়া সকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

দিহিং পাটকাই অভয়াৰণ্যখনত মুক্ত কয়লা খননৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন সংবাদ সম্প্ৰচাৰ হৈ আছে ৷ ঠিক তেনে সময়তেই পূৱৰ আমাজনৰূপে খ্যাত দিহিং-পাটকাইত মুক্ত খননৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে কলিতা জনগোষ্ঠীয় সন্মিলন ৷ সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি জয়সূৰ্য বৰাই দেওবাৰে ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ কৰে ৷

মুক্ত কয়লা খননৰ সিদ্ধান্ত যদিহে প্ৰত্যাহাৰ নকৰে তেন্তে অনাগত দিনত প্ৰতিবাদ আৰু আন্দোলনৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব বুলি সদৰি কৰে উপ সভাপতিজনে । দিহিং পাটকাই অসম আৰু অসমীয়াৰ স্বাভিমান । এই স্বাভিমানত কোনেও আঘাত কৰাটো অসমীয়া জাতিয়ে কামনা নকৰে । দিহিং-পাটকাইক সুৰক্ষা দিয়াটো প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য । চৰকাৰে তাৎক্ষনিকভাৱে দিহিং-পাটকাইত মুক্ত খননৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক । অন্যথা সন্মিলনীয়ে তীব্ৰ আন্দোলনৰ পথ বাচি ল'ব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক- মুক্ত কয়লা খননৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.