ETV Bharat / city

বিজেপিৰ গানটো অসমীয়া সংস্কৃতিৰ নহয়ঃ অখিল গগৈ - ETV BHARAT

কৃষক নেতা অখিল গগৈয়ে গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত বুধবাৰে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত বিজেপিৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ বাবে ভয়ংকৰ বুলি দাবী কৰে তেওঁ । অসমীয়া ৰাইজক ভোট প্ৰদানৰ পূৰ্বে চিন্তা কৰিবলৈও তেওঁ আহ্বান জনায় ।

AKHIL GOGOI'S PRESS MEET
author img

By

Published : Apr 17, 2019, 8:49 PM IST

বুধবাৰ, ১৭ এপ্ৰিল: "বিজেপিৰ প্ৰচাৰৰ গানটো অসমীয়া সংস্কৃতিৰ নহয়, এয়া উত্তৰ ভাৰতীয়হে ৷" বুধবাৰে গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এনেদৰে অভিযোগ কৰে কৃষক নেতা অখিল গগৈয়ে । সংবাদমেলতে শিলচৰত বিজেপি নেতা ৰাম মাধৱে ৩১ জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে কৃষক নেতাজনে । সংবাদমেলত তেওঁ কয় যে, বিজেপিৰ কেন্দ্ৰীয় ইস্তাহাৰতো স্পষ্টভাৱে ঘোষণা কৰা হৈছে যে বিধেয়কখন গৃহীত কৰিবলৈ দলটো বদ্ধপৰিকৰ । এই সমগ্ৰ ঘটনা অসমৰ বাবে ভয়ংকৰ বুলি দাবী কৰে নেতাজনে । তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে, যি সময়ত বিজেপিক সম্পূৰ্ণৰূপে খেদিব লাগিছিল সেইসময়ত আত্মঘাতী অসমীয়াই বিজেপিৰ ফান্দত ভৰি দিছে ।

AKHIL GOGOI'S PRESS MEET

২০১৯ লোকসভা নিৰ্বাচনৰ দৰে সাম্প্ৰদায়িক ভিত্তিত মেৰুকৰণ হোৱা নিৰ্বাচন আগতে দেখা নাই বুলিও তেওঁ উল্লেখ কৰে । বিজেপিয়ে চাৰে তিনি বছৰীয়া কাৰ্যকালত কেইজন বিদেশী খেদিবলৈ সক্ষম হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে । বিজেপি দলৰ অস্তিত্ব নাইকিয়া কৰিবলৈ সকলোকে আহ্বান জনাই গগৈয়ে কয় যে ভোট প্ৰদান কৰিবলৈ গৈ ই ভি এমৰ বুটাম টিপাৰ আগত চিন্তা কৰিব লাগিব যে দলটো অসমীয়াৰ পক্ষত নে বিদেশীৰ পক্ষত ।

A_GHY_17APR_801_AKHILGOGOI_PC_VIS_BYT_AKASH
বুধবাৰে অখিল গগৈয়ে গন্ধিবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সবোধন কৰে । সংবাদমেলত বিহুৰ দিনা শিলচৰত বিজেপিৰ নেতা ৰাম মাধৱে ৩১ জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা মন্তব্যক বিৰোধিতা কৰি গগৈৰ মন্তব্য - 

সংবাদমেলত গগৈয়ে কয় যে বিজেপিৰ কেন্দ্ৰীয় ইস্তাহাৰটো স্পষ্টভাৱে ঘোষণা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ। নাগৰিকত্ব সংশোধনী বিধেয়কক নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপে ঘোষণা কৰিছে । পৃথিৱীৰ কটোৱেই বিদেশী অনাৰ বাবে কোনো আইন নাই। এই ঘটনা সমগ্ৰ অসমীয়াৰ বাবে ভয়ংকৰ। বিপদৰ আগজাননী।

আজমল, জিন্না, কাশ্মীৰ এই কেইটামান শব্দৰ মায়াজালেৰে সমগ্ৰ অসমীয়া জাতিৰ এটা বৃহৎ অংশ বশ কৰি পেলাইছে , জাতিৰ বিৰুদ্ধে থিয় কৰাই দিছে বিজিপিয়ে। যিটো সময়ত সম্পূৰ্ণৰূপে বিজেপিক খেদিব লাগিছিল সেইটো সময়ত আত্মঘাটি অসমীয়াই বিজেপিৰ ফান্দত ভৰি দিছে।

সংবাদমেলত অখিল গগৈয়ে কয় " ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ নিচিনা সাম্প্ৰদায়িক ভিত্তিত মেৰুকৰণ হোৱা নিৰ্বাচন আগতে দেখা নাছিলোঁ। ২০১৪ চনত মোদীৰ ঢৌ আছিল কিন্তু এতিয়াৰ নিচিনা দেখা নাছিলোঁ। বান্দৰ সেনানীয়ে বিষবাষ্প বিয়পাই তুলিছে।

এন আৰ চি তৈয়াৰ কৰাৰ লক্ষ্য ব্যৰ্থ কৰিবলৈ বিজেপি দলে বদ্ধপৰিকৰ। ১ বছৰত ৫০০তকৈও অধিক বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দিয়া বিজিপিয়ে চাৰে তিনি বছৰত মাত্ৰ ৪ জন বিদেশী খেদিবলৈহে সক্ষম হল। বিদেশী খেদাৰ দৰে এটা জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ বিজেপি চৰকাৰ সক্ষম নহয়। এইয়া অতি স্পষ্টকৈ দেখুৱাই দিলে। অসমখন কাশ্মীৰ, পাকিস্তান হবলৈ নিদিওঁ বুলি কোৱা বিজিপিয়ে মাত্ৰ চাৰে তিনি বছৰত ৪ জন বিদেশী খেদিবলৈ সক্ষম হল বুলি চুপ্ৰিম কোৰ্টত দাখিল কৰিছে।

২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু আৰ এছ এছয়ে যি ধর্মীয় মেৰুকৰণ সৃষ্টি কৰিছে সেইয়া অসমৰ কাল । এই সময়ত হিন্দু মুছলিম নহয়, অসমীয়া হব লাগিব অসমীয়া। পুনৰ বিজেপি দলত পৰাভূত কৰিবৰ বাবে সকলোকে আহ্বান জনায় গগৈয়ে কয়" বিজেপি , আৰ এছ এছয়ে ধর্মীয় মেৰুকৰণ কৰা সাম্প্ৰদায়িক, মৌলবাদী জ্বালামুখীক উফৰাই পেলাব লাগিব। তাৰবাবে ই ভি এমৰ বুটাম টিপাৰ আগত চিন্তা কৰি লব অসমীয়াৰ পক্ষত নে বিদেশীৰ পক্ষত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.