ETV Bharat / city

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰাজ্যজুৰি 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট - বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি

শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP Protest in Guwahati) ৷ অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, অসমত হোৱা শেহতীয়া বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজক ক্ষতিপূৰণ দিয়া আৰু বৃহৎ নদীবান্ধ বন্ধৰ তিনিদফীয়া দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ajycp-protest-in-guwahati
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰাজ্যজুৰি 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট
author img

By

Published : Jul 1, 2022, 7:14 PM IST

গুৱাহাটী, 1 জুলাই : অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, অসমত হোৱা শেহতীয়া বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজক ক্ষতিপূৰণ দিয়া আৰু বৃহৎ নদীবান্ধ বন্ধৰ তিনিদফীয়া দাবীৰে শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuba Chatra Parishad) ৰাজ্যজুৰি 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP Protest in Guwahati) ৷

অসমৰ প্ৰতিখন জিলাৰ সদৰত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট জিলা সমিতি সমূহে তিনি ঘন্টা অৱস্থান কৰি এই প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মহানগৰীৰ গুৱাহাটী ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰে । 'বৃহৎ নদীবান্ধ বন্ধ কৰক', 'বানপীড়িতসকলক উচিত সাহায্য দিয়ক', 'অসম চৰকাৰ হায় হায়', 'কেন্দ্ৰীয় চৰকাৰ হায় হায়', 'মুখ্যমন্ত্ৰী হায় হায়' আদি শ্লোগান দি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰাজ্যজুৰি 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট

প্ৰতিবাদ সাব্যস্ত কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে দেশৰ ভিতৰতে বানপানী আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত অসম অতীজৰে পৰা অন্য ৰাজ্যৰ তুলনাত সদায় সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈ আহিছে ৷ তৎসত্বেও দিল্লীয়ে কোনো দিনেই অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটোক গুৰুত্ব দিয়া নাই ৷

দেশৰ অন্য ৰাজ্যত হোৱা প্ৰাকৃতিক দুৰ্যোগ আদিৰ ক্ষেত্ৰত যিদৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে বৃহৎ আৰ্থিক সহযোগিতা প্ৰদান কৰে তেনেদৰে অসমৰ ক্ষেত্ৰত সদায় বিপৰীত স্থিতি গ্ৰহণ কৰি সম্পূৰ্ণ উদাসীন দৃষ্টি গ্ৰহণ কৰি প্ৰতাৰণা কৰি আহিছে বুলি উল্লেখ কৰে পলাশ চাংমায়ে ৷ উল্লেখযোগ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে (AJYCP demands Declaring flood erosion as National problem) ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰদৰ্শন কৰা এনে বৈষম্যমূলক নীতিৰ তীব্ৰ গৰিহণা দিয়ে আৰু অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজক অনতিবিলম্বে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায় ৷ তেওঁ লগতে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৃহৎ নদীবান্ধৰ ফলত বান্ধৰ নামনি অঞ্চলত হ’ব পৰা প্ৰলংয়কৰী বান আৰু গৰাখহনীয়া তথা প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট হোৱাৰ প্ৰতি লক্ষ্য কৰি সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবী উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক: কাকপথাৰত সেনা-আলফা(স্বা)ৰ মুকলি সংঘৰ্ষ: এজন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.