ETV Bharat / city

আজমলে অসমীয়া ভাষা-সংস্কৃতিক নিঃশেষ কৰিব খুজিছে!

author img

By

Published : Oct 13, 2020, 7:40 PM IST

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলৰ আয়োজন
হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

গুৱাহাটী, 13 অক্টোবৰ : আৰবী সংস্কৃতিৰ লোকক বদৰুদ্দিন আজমলে অসমত সংগঠিত কৰিব খুজিছে ৷ বাঘ হাজৰিকাৰ প্ৰসংগ আনি বদৰুদ্দিন আজমলৰ লগতে একাংশ ইছলাম ধৰ্মৰ লোকে লাচিতৰ ভূমিকাক নস্যাৎ কৰিব খুজিছে ৷ অসমীয়া তথা ভাৰতীয় ভাষা সংস্কৃতি নুবুজা লোকক অসমত সংগঠিত কৰা কামত নিমজ্জিত হৈছে আজমল বাহিনী ৷ এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এইদৰে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ নেতৃত্ব ৷

হিন্দু যুৱ ছাত্ৰ পৰিষদে অভিযোগ কৰে, "বদৰুদ্দিন বাহিনীয়ে পৰিকল্পিতভাৱে অসমীয়া ভাষা সংস্কৃতিক নিঃশেষ কৰি তাৰ ঠাইত আৰবী ভাষা সংস্কৃতিৰ প্ৰয়োভৰ ঘটাব বিচাৰিছে ৷ গোৱালপাৰাৰ কাৰবালাত ৰাজহুৱা সভাত ইচ্ছাকৃতভাবে আৰবী ভাষাত ফলক ব্যৱহাৰ কৰাৰ পাছত যি প্ৰতিবাদৰ জোৱাৰ উঠিছিল তাৰ পাছত আজমলে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বিপৰীতে অসমীয়া ভাষাত আৰবী ভাষাৰ শব্দৰ প্ৰয়োগৰ উদ্ধৃতি দি ইচ্ছাকৃতভাৱে সেয়া কৰিছিল বুলি প্ৰমাণ দাঙি ধৰিলে ৷"

সমান্তৰালভাৱে ৰাজ্যৰ একাংশ বুদ্ধিজীৱীকো সমালোচনাৰ লক্ষ্য কৰি লৈ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মন্তব্য, "বদৰুদ্দিন আজমল মাত্ৰ প্ৰতীকহে ৷ ইয়াৰ শিপা দ' লৈকে শিপাইছে ৷ একাংশ বুদ্ধিজীৱীয়ে আজমল বাহিনীৰ এই কাৰ্যত বৰঙনি যোগাইছে ৷"

লগতে পঢ়ক : পি. কে. দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.