গুৱাহাটী, ৪ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক শুকুৰবাৰে সাক্ষাৎ কৰে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলসহ আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খছৰুল ইছলামে ৷ লগত থাকে মৰ্কজুল মা আৰিফৰ সভাপতি ড৹ ছামচুল হক চৌধুৰী আৰু হাম হাস্পতালৰ ট্ৰাষ্টি শ্বাহিদ হুছেইনে ৷
আজমল পৰিয়ালৰ প্ৰতিনিধি দলটোৱে ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫৮.৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে । লগতে যমুনামুখৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিধায়ক ছিৰাজুদ্দিন আজমল মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাত মিলিত হয় ৷
সঁজাতি দলটোৰ সৈতে এ আই ইউ ডি এফৰ আন বিধায়ক সকলো উপস্থিত আছিল ৷ উল্লেখ্য যে বিগত বৰ্ষটো আজমল পৰিয়ালে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছিল ৷
লগতে পঢ়ক : লখিমপুৰত মুকলিৰ পূৰ্বেই জহি-খহি গৈছে বি আৰ আম্বেদকাৰ ভৱন