ETV Bharat / city

অজিত কুমাৰ ভূঞাৰ নেতৃত্বত জাতীয় দল,অসমৰ জন্ম

author img

By

Published : Sep 7, 2022, 6:20 PM IST

নতুন দলটোৰ নাম "জাতীয় দল, অসম" ৰখা হয় । দলটোৰ সভাপতি হিচাপে দায়িত্ব লোৱা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে জাতীয় দল, অসমে আজিৰ ৰাজনৈতিক পৰিস্থিতিত ৰাইজে বিচৰা ধৰণৰ এক শক্তিশালী প্রগতিশীল আঞ্চলিক দলৰ ভূমিকা পালন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব ।

Etvঅজিত কুমাৰ ভূঞাৰ নেতৃত্বত জাতীয় দল,অসমৰ জন্ম Bharat
Eঅজিত কুমাৰ ভূঞাৰ নেতৃত্বত জাতীয় দল,অসমৰ জন্মtv Bharat

গুৱাহাটী, 7 ছেপ্টেম্বৰ: অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আঞ্চলিকতাবাদী দৃষ্টিভংগীৰে কাম কৰি অহা দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে আঞ্চলিক গণ মৰ্চা আৰু ২০১৫ চনতে গঠিত অসম সংগ্রামী মঞ্চ বুধবাৰে আনুষ্ঠানিকভাৱে একত্ৰিত হয় । গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই এই কথা ঘোষণা কৰে ।

ভূঞাই কয় যে ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত আপোচবিহীন আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তি সমূহৰ দৌৰাত্ম্য বাঢ়িছে আৰু উক্ত অভাৱ পূৰণৰ বাবে এক শক্তিশালী বিকল্প হিচাপে আজিৰ পৰাই চেষ্টা আৰম্ভ কৰিব এই একত্ৰিত দলটোৱে ।

অজিত কুমাৰ ভূঞাৰ নেতৃত্বত জাতীয় দল,অসমৰ জন্ম

উল্লেখ্য যে দুয়োটা দলৰ কেন্দ্ৰীয় পৰ্যায়ত হোৱা সিদ্ধান্ত মর্মে নতুন দলটোৰ নাম "জাতীয় দল, অসম" ৰখা হয় (Jatiya Dal Assam) । দলটোৰ সভাপতি হিচাপে দায়িত্ব লোৱা সাংসদ অজিত কুমাৰ ভূঞাই (MP Ajit Kumar Bhuyan) কয় যে জাতীয় দল, অসমে আজিৰ ৰাজনৈতিক পৰিস্থিতিত ৰাইজে বিচৰা ধৰণৰ এক শক্তিশালী প্রগতিশীল আঞ্চলিক দলৰ ভূমিকা পালন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব ।

তেওঁ লগতে কয় যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ অতিকেন্দ্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন আৰু অৰ্থনৈতিক শোষনৰ বিৰুদ্ধে ৰাইজৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিৰোধ গঢ়ি তোলাত আগভাগ ল’ব জাতীয় দল, অসমে । দলটোৰ কাৰ্যকৰী সভাপতি দিগন্ত কোঁৱৰে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমানৰ পৰিস্থিতিত যি সাম্প্ৰদায়িক মেৰুকৰণ (Polarization in politics) গঢ়ি তুলিছে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ অসমৰ সকলো সম-ভাৱাপন্ন জাতীয় শক্তি একত্রিত হোৱাৰ সময় আহিল ৷

তেওঁ লগতে অসমৰ মৌলিক আৰু জাতীয় প্রশ্নবোৰৰ ক্ষেত্ৰত জাতীয় দল, অসমে এক আপোচবিহীন স্থিতি ল’ব বুলিও ঘোষণা কৰে । সংবাদমেলত দলটোৰ নেতৃত্বই জনায় যে জিলা পৰ্যায়ৰ পৰাই দলটোক অধিক শক্তিশালী কৰি অনাগত দিনত আহি থকা নির্বাচন সমূহত এক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’বলৈ চেষ্টা ইতিমধ্যে আৰম্ভ কৰা হৈছে । উক্ত সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদকদ্বয় প্ৰণৱ জ্যোতি চেতিয়া, সমৰজ্যোতি বেজবৰুৱাকে ধৰি বহু শীর্ষ নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক: লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.