ETV Bharat / city

উপনিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা - এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ তালিকা

কেৱল জনীয়া সমষ্টিত হে প্ৰতিদ্বন্দ্বিতা কৰিব বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন দলটোৱে ৷

উপনিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা
author img

By

Published : Sep 28, 2019, 3:06 PM IST

গুৱাহাটী, 28 ছেপ্তেম্বৰ: ৰাজ্যত এতিয়া ক্ৰমে তীব্ৰতৰ হৈছে উপনিৰ্বাচন কেন্দ্ৰীক ৰাজনীতি ৷ বৰ্তমান উপনিৰ্বাচনৰ বাবে নিজ নিজ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত ৰাজ্যৰ সকলো ৰাজনৈতিক দল ৷ দু্ৰ্গা পূজাৰ পাছতে 4টা সমষ্টিত অনুষ্ঠিত হব লগা উপনিৰ্বাচন বাবে শনিবাৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে এ আই ইউ ডি এফে ৷ উপনিৰ্বাচনত কেৱল জনীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৷ জনীয়া সমষ্টিৰ বাবে দলটোৱে প্ৰাক্তন বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ডঃ হাফিজ ৰফিকুল ইছলামৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷

শনিবাৰে দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ৷ ইফালে সংবাদমেল যোগে আগন্তুক উপনিৰ্বাচনত ৰাইজক বিবেক ভোট দিবলৈও আহ্বান জনাই বিধায়ক আমিনুল ইছলামে ৷

উল্লেখযোগ্য যে চাৰিটাকৈ বিধানসভা সমষ্টিত মূল যুজঁ শাসকীয় দল বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব যদিও এই যুজঁখন বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দলে অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাবনা নুই কৰিব নোৱাৰি ।

Intro:ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে। মাত্ৰ এটা সমষ্টিত উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিব আই ইউ ডি এফ, তিনিটা সমষ্টিত ৰাইজক বিবেক ভোট সাব্যস্ত কৰাৰ আহ্বান।

Body:ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ বতাহ। উপ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত ৰণনীতি তৈয়াৰ কৰাত। শাৰদীয় দুৰ্গা উৎসৱৰ পিছতে ৰাজ্যৰ চাৰিটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। ২১ অক্টোবৰত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ৩০ ছেপ্টেম্বৰত। চাৰিতকৈ বিধানসভা সমষ্টিত মূল যুজঁ শাসকীয় দল বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব যদিও এই যুজঁখন মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দলে অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। উপ নিৰ্বাচনকলৈ বিজেপি আৰু কংগ্ৰেছ দলে প্ৰস্তুতি চলাই থকাৰ মাজতে আজি এ এই ইউ ডি এফ দলে ঘোষণা কৰিলে উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। চাৰিতকৈ বিধানসভা সমষ্টিৰ ভিতৰত এই ইউ ডি এফ দলে মাত্ৰ জনীয়া সমষ্টিত উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। জনীয়া সমষ্টিৰ পৰা উপ নিৰ্বাচনৰ এই ইউ ডি এফ দলৰ প্ৰাৰ্থীৰ হ'ব এ আই ইউ ডি এফ দলৰ প্ৰাক্তন বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ডঃ হাফিজ ৰফিকুল ইছলাম। এই ইউ ডি এফৰ মুখ্য কার্যলায়ত আজি এক সংবাদমেল অনুষ্ঠিত কৰি দলৰ সাধাৰণ সভাপতি আমিনুল ইছলাম কয় এই ইউ ডি এফে উপ নিৰ্বাচনত জনীয়া সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা অন্য তিনিটা সমষ্টিত ৰাইজক বিবেক ভোট প্ৰদানৰ বাবে দলে আহ্বান জনাইছে। উপ নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ প্ৰশ্নৰ উত্তৰত আমিনুল ইছলামে কয় বৰ্তমানলৈকে মিত্ৰতকলৈ তেওঁলোকৰ কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু উপ নিৰ্বাচনত এই ইউ ডি এফ দলে জনীয়া সমষ্টিত অকলে অৱতীৰ্ণ হ'ব। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে এই ইউ ডি এফ দল কংগ্ৰেছৰ লগত মিত্ৰতকলৈ আলোচনাৰ বাবে প্ৰস্তুত যদিও বৰ্তমান কংগ্ৰেছৰ অৱস্থা অতিকৈ শোচনীয় গতিকে কংগ্ৰেছ দলে এক সন্মানীয় আলোচনাৰ বাবে আগুৱাই আহিলেহে মিত্ৰতাৰ কথা চিন্তা কৰিব পাৰি বুলি কয় আমিনুল ইছলাম।

বাইট : আমিনুল ইছলাম, সাধাৰণ সভাপতি, এই ইউ ডি এফ

Conclusion:ৰাজ্যৰ চাৰিতকৈ বিধানসভা সমষ্টি ক্ৰমে জনীয়া, ৰঙাপাৰা, ৰাতাবাৰী আৰু সোনাৰীৰ বিধায়ক সকল লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত অহা ২১ অক্টোবৰত এই চাৰিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.