ETV Bharat / city

এইবাৰ ধুবুৰী, বৰপেটা, কলিয়াবৰ অগপক এৰি নিদিয়ে বিজেপিয়ে - অগপক এৰি নিদিয়ে বিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কলিয়াবৰ (Central Minister Sarbananda Sonowal) সমষ্টি পুণৰুদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে বৰপেটাৰ দায়িত্ব সাংসদ ভুৱনেশ্বৰ কলিতাক আৰু ধুবুৰীৰ দায়িত্ব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত ন্যস্ত কৰা হৈছে ৷ বিজেপিৰ এনে তৎপৰতাই পৰিস্কাৰ ইংগিত দিছে যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে এই তিনিখন আসনৰ এখনো যোৱাবাৰৰ দৰে এইবাৰ অগপক এৰি নিদিয়ে ৷

Etv Bharat
Etv Bharat
author img

By

Published : Sep 7, 2022, 3:51 PM IST

Updated : Sep 7, 2022, 4:32 PM IST

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: আজিৰ তাৰিখলৈকে হাতে হাত ধৰি প্ৰায় সাতটা বছৰ দিছপুৰত চৰকাৰ চলাই থকা অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত আগন্তুক লোকসভা নিৰ্বাচনত কিধৰণৰ বুজাবুজি হ'ব (AGP BJP alliance) ! উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ অগপক এৰি দিছিল তিনিখনকৈ আসন ৷ কিন্তু ইয়াৰে এখন আসনতো জয়ী হ'বলৈ সক্ষম হোৱা নাছিল অগপ ৷

বৰপেটা, ধুবুৰী আৰু কলিয়াবৰ - এই তিনিওখন আসন যোৱাটো লোকসভা নিৰ্বাচনত বিজেপিয়ে এৰি দিছিল অগপক ৷ বৰপেটাত অগপৰ প্ৰাৰ্থী আছিল জ্যেষ্ঠ অগপ নেতা কুমাৰ দীপক দাস ৷ তেনেদৰে ধুবুৰীত জাভেদ ইছলামক আৰু কলিয়াবৰত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভ্ৰাতৃ মণিমাধৱ মহন্তক অগপই প্ৰাৰ্থিত্ব দিছিল ৷

কিন্তু কোনো এখন আসনতে সফল হ'ব পৰা নাছিল অগপ ৷ তাৎপৰ্যপূৰ্ণ ঘটনাটো হ'ল এইবাৰ এই তিনিওখন আসনৰ এখনো বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা নাই ৷ ইয়াৰ ইংগিত ইতিমধ্যে পোৱা গৈছে ৷ কিয়নো, সম্প্ৰতি কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ আৰু বৰপেটাৰ উপৰিও এ আই ইউ ডি এফৰ হাতত থকা ধুবুৰী বিজেপিয়ে নিজৰ হাতলৈ নিবলৈ ব্যাপক ৰণকৌশল আৰম্ভ কৰিছে ৷

দলটোৰ তিনিজনকৈ জ্যেষ্ঠ সাংসদক ইতিমধ্যে তিনিওটা সমষ্টিৰ দায়িত্ব ভগাই দিছে বিজেপিয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কলিয়াবৰ সমষ্টি পুণৰুদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে বৰপেটাৰ দায়িত্ব সাংসদ ভুৱনেশ্বৰ কলিতাক (MP Bhubaneswar Kalita) আৰু ধুবুৰীৰ দায়িত্ব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (MP Pabitra Margherita)ওপৰত ন্যস্ত কৰা হৈছে ৷

বিজেপিৰ এনে তৎপৰতাই পৰিস্কাৰ ইংগিত দিছে যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে এই তিনিখন আসনৰ এখনো যোৱাবাৰৰ দৰে এইবাৰ অগপক এৰি নিদিয়ে ৷ তেন্তে কি হ'ব অগপৰ নতুন ৰণকৌশল ! কোনকেইটা সমষ্টি এইবাৰ অগপই বিচাৰিব বিজেপিৰ পৰা !

অগপৰ এক শীৰ্ষ দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে শেহতীয়াকৈ অগপ নেতৃত্বই দলৰ সাংগঠনিক ভেটি তুলনামূলকভাবে শক্তিশালী বুলি চিহ্নিত হৈ থকা কেইবাটাও সমষ্টিৰ নিজাববীয়া জৰীপ আৰম্ভ কৰিছে (AGP internal survey) ৷ এই জৰীপৰ পিছতহে অগপই সিদ্ধান্ত ল'ব কোনকেইটা সমষ্টি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অগপই বিজেপিৰ পৰা বিচাৰিব ৷

লগতে পঢ়ক: ৰহাত ছয় শতাধিক লোকে যোগ দিলে অগপত

Last Updated : Sep 7, 2022, 4:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.