ETV Bharat / city

একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক: অখিল গগৈ - NIA

'নিয়া'(NIA)ৰ আদালতে আজি অখিল গগৈক চাবুৱা থানাৰ নিয়াই লোৱা গোচৰটোৰ পৰা দোষমুক্ত কৰে । ইফালে আদালত চৌহদত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই বিধায়ক অখিল গগৈৰ এখন পত্র সংবাদ মাধ্যমৰ আগত পাঠ কৰে।

Again One latter From KMSS Leader Akhil Gogoi
একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওঁক :অখিল গগৈ
author img

By

Published : Jun 22, 2021, 2:05 PM IST

গুৱাহাটী, ২২ জুন: "ঝুমলাবাজি আৰু ভেল্কিবাজী বন্ধ কৰক ।" চৰকাৰলৈ এই আহ্বান কাৰাৰুদ্ধ বিধায়ক(MLA) অখিল গগৈৰ। মঙলবাৰে 'নিয়া'ৰ আদালতে অখিল গগৈক চাবুৱা থানাৰ নিয়াই (NIA) লোৱা গোচৰটোৰ পৰা দোষমুক্ত কৰে । ইফালে আদালত চৌহদত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই বিধায়ক অখিল গগৈৰ এখন পত্র সংবাদ মাধ্যমৰ আগত পাঠ কৰে ।

একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক :অখিল গগৈ

পত্রযোগে অখিল গগৈয়ে ক'ভিড নিয়ন্ত্ৰণত চৰক‍াৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ক'ভিড পৰিস্থিতিত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়‍াৰ দাবী উত্থাপন কৰে । অখিল গগৈয়ে পত্ৰযোগে উল্লেখ কৰা ‍অভিযোগ অনুসৰি, অসমতো ভাৰতবৰ্ষৰ দৰে একনায়কত্ববাদ আৰু ফেচিবাদৰ প্ৰতিধ্বনি শুনা গৈছে । তেওঁ ৰাইজক সজাগ-সচেতন হোৱাৰ বাবেও আহ্বান জনায় ।

Again One latter From KMSS Leader Akhil Gogoi
একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক :অখিল গগৈ

চাবুৱা থানাৰ 'নিয়া'(NIA)ৰ গোচৰত চার্জ শুনানিৰ অন্তত ৰেহাই পালে অখিল গগৈয়ে । 'নিয়া'ৰ বিশেষ আদালতত হোৱা মঙলবাৰৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে । চাবুৱা থানাৰ গোচৰৰ সকলো অভিযোগৰ পৰা ৰেহাই দিয়া হ'ল তিনিওজনকে ৷ অৱশ্যে চানমাৰি থানাৰ গোচৰটোৰ শুনানি এতিয়াও চলি আছে ।

ইফালে অখিল গগৈক মাতৃক সাক্ষাৎ কৰিবৰ বাবে অনুমতি বিচাৰি আজি অদালতত আবেদন জনোৱা হৈছে । ৫৫ পৃষ্ঠাৰ অৰ্ডাৰ পাছ কৰিছে আদালতে ৷ একেদৰে চাবুৱা থানাৰ গোচৰ সন্দৰ্ভত আন এজন অভিযুক্ত ভাস্কৰজ্যোতি ফুকনে ৰেহাই নাপালে । তেওঁৰ গোচৰৰ শুনানি ডিব্ৰুগড়ৰ আদালতত চলিব ৷ আনহাতে নিয়াই আৰোপ কৰা সকলো অভিযোগৰ পৰা ৰেহাই পালে অখিল গগৈয়ে ।

লগতে পঢ়ক-নগাঁৱত আৰক্ষীৰ জালত মহিলা সহ দুই ভুৱা আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.