ETV Bharat / city

পুনৰ ছমাহলৈ অসমক 'অশান্ত অঞ্চল' ঘোষণা - অসমক অশান্ত অঞ্চল ঘোষণা

সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত অসমক "অশান্ত এলেকা" ৰূপে চিহ্নিত কৰি পুনৰ ছমাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে (AFSPA extended for six months in Assam)। ১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া আইনখনৰ ম্যাদ ছমাহৰ মূৰে মূৰে বৃদ্ধি কৰি অহা হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা পুনৰ ছমাহৰ বাবে অসম অশান্ত অঞ্চল।

পুনৰ ছমাহলৈ অসমক 'অশান্ত অঞ্চল' ঘোষণা
author img

By

Published : Mar 1, 2022, 6:46 PM IST

গুৱাহাটী, ১ মাৰ্চ: অসম এতিয়াও শান্ত হোৱা নাই। কাৰণ এতিয়াও অসম 'অশান্ত অঞ্চল' ৰূপে চিহ্নিত হৈ আছে। এফালে চৰকাৰে কয় যে অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে আৰু আনফালে অশান্ত অঞ্চলৰ চাৰ্টিফিকেট প্ৰদান কৰে। অসম শান্ত নোহোৱা বাবেই পুনৰ ছমাহলৈ অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। অসমৰ শেহতীয়া পৰিস্থিতিক লৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্যখনক "অশান্ত এলেকা" ৰূপে চিহ্নিত কৰি পুনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰু ছয় মাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে (AFSPA extended for six months in Assam) ।

afspa-extended-for-six-months-in-assam
পুনৰ ছমাহলৈ অসমক 'অশান্ত অঞ্চল' ঘোষণা

ইয়াৰ পূৰ্বে ২৮ আগষ্টৰ পৰা ছয় মাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছিল। দেওবাৰে ছয় মাহ সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ম্যাদ বৃদ্ধি কৰা হয়। এই সন্দৰ্ভত আজি জাৰি কৰা চৰকাৰী এক নিৰ্দেশনাত উল্লেখ কৰা হয় যে 'সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (Armed Forces SPecial Powers Act ), ১৯৫৮'ৰ ধাৰা ৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে সমগ্ৰ অসমত ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহলৈকে "অশান্ত এলেকা" হিচাপে ঘোষণা কৰিছে ।

চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি ৰাজ্যখনৰ শেহতীয়া ছয় মাহৰ আইন-শৃংখলা পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত পুনৰ ছয় মাহৰ বাবে ৰাজ্যখনক 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰা হৈছে । উল্লেখ্য যে, সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ প্ৰথমবাৰৰ বাবে ১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পৰ্যালোচনাৰ পিছত প্ৰতি ছমাহৰ মূৰে মূৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে ।

লগতে পঢ়ক : বান-গৰাখহনীয়াৰ বাবে সলনি হ'ব ধৰিছে অসমৰ ভৌগোলিক মানচিত্র

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.