ETV Bharat / city

ADC Saibur Rahman arrested : কাৰাগৰতে আকৌ গ্ৰেপ্তাৰ হ’ল ধন কুবেৰ চাইবুৰ ৰহমান

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ০৭/২১ নম্বৰত ৰুজু হৈ থকা গোচৰটোত পুনৰ গ্ৰেপ্তাৰ কৰে চাইবুৰ ৰহমানক (ADC Saibur Rahman again arrested by CM vigilance) । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তিনিদিনৰ জিম্মাত লৈছে চাইবুৰক । কাৰাগাৰতে গ্ৰেপ্তাৰ কৰিলে চাইবুৰক ।

author img

By

Published : Dec 13, 2021, 10:26 PM IST

ADC Saibur Rahman arrested
ADC Saibur Rahman arrested

গুৱাহাটী, 13 ডিচেম্বৰ : পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানক (ADC Saibur Rahman arrested)। ভূমি আৱন্টন কেলেংকাৰীৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ চাইবুৰ । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ০৭/২১ নম্বৰত ৰুজু হৈ থকা গোচৰটোত পুনৰ গ্ৰেপ্তাৰ কৰে চাইবুৰ ৰহমানক (CM vigilance arrested ADC Saibur Rahman)। কাৰাগাৰতে গ্ৰেপ্তাৰ কৰিলে চাইবুৰক । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তিনিদিনৰ জিম্মাত লৈছে চাইবুৰক । একেটা গোচৰতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছে অতিৰিক্ত উপায়ুক্ত বিক্ৰম আদিত্য বৰা ।

আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম অসামৰিক সেৱাৰ বিষয়া চাইবুৰ ৰহমানক (Case against Saibur Rahman)। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিষয়াজনৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পদ সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । ২০০২ চনৰ ২৩ জুনৰ পৰা ২০২১ চনৰ ৪ এপ্ৰিলৰ এই সময়চোৱাৰ আয় আৰু সম্পত্তি অনুসন্ধানৰ সময়ত চাইবুৰ ৰহমানৰ নিজৰ নামত তথা তেওঁৰ দুই পত্নীৰ নামত ৮৯ টা স্থাৱৰ সম্পত্তিৰ পঞ্জীয়ন দেখা গৈছিল । যাৰ মূল্য ১০০ কোটিৰো অধিক ।

সেই সময়ত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্তৰূপে থকা চাইবুৰ ৰহমানে "অবৈধ আৰু দুৰ্নীতিপূৰ্ণ উপায়েৰে বৃহৎ সম্পত্তি" অৰ্জন কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি আছিল । এই অনুসন্ধানত তেওঁৰ ৬.৩৮ কোটি টকাৰো অধিক মূল্যৰ স্থানান্তৰযোগ্য আৰু অস্থাৱৰ সম্পত্তিও উদ্ধাৰ কৰা হয় । যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত ৯৫ শতাংশ অসামঞ্জস্যপূৰ্ণ আছিল ।

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়াই জনোৱা মতে, ইচ্ছাকৃতভাৱে নিজকে অবৈধভাৱে সমৃদ্ধ কৰা চাইবুৰ ৰহমানৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ বিচাৰি পোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । বিষয়াজনে সংগ্ৰহ কৰা সম্পত্তিৰ সন্তোষজনক হিচাপ দিবলৈ অক্ষম হৈছে । চাইবুৰ ৰহমানৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ (সংশোধনী) আইন ২০১৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । এ চি এছ বিষয়াজনৰ বিৰুদ্ধে তথ্য পোৱাৰ পিছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক : অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.