ETV Bharat / city

CID ৰ গোচৰত জামিন পালে APSC কেলেংকাৰীৰ নায়ক ৰাকেশ পালে

author img

By

Published : Jul 22, 2021, 7:35 PM IST

Updated : Jul 23, 2021, 8:47 PM IST

বৃহস্পতিবাৰে CID ৰ গোচৰত জামিন লাভ কৰিলে APSC কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালে ৷ ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰত জামিন লাভ কৰা নাই যদিও ৰাকেশ পালে চিআইডি(CID)ৰ গোচৰত জামিন পোৱাৰ পাচতে সচেতন মহলৰ মাজত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

Accused In APSC Scam Rakesh Paul Gets Bail In CID Case
চিআইডিৰ গোচৰত জামিন পালে ৰাকেশ পালে

গুৱাহাটী, ২২ জুলাই : চিআইডি(CID)ৰ গোচৰত জামিন লাভ কৰিলে অসম লোকসেৱা আয়োগৰ বিয়াগোম নিযুক্তি কেলেংকাৰীৰ অন্যতম নায়ক ৰাকেশ পালে । বৃহস্পতিবাৰে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা চাকৰিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰা ৰাকেশ পালক চিআইডি(CID)ৰ গোচৰত জামিন মঞ্জুৰ কৰে । সোণ কুমাৰ বৈশ্য নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত চিআইডি(CID)য়ে পালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল । চৰকাৰী চাকৰি প্ৰদানৰ নামত ৰাকেশ পালে বৃহৎ পৰিমাণৰ ধন লোৱা বুলি অভিযোগ কৰিছিল সোণ কুমাৰ বৈশ্যই ।

সেই গোচৰতে জামিন পাইছে এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালে ৷ উল্লেখ্য যে, দুটা চৰ্তত ৰাকেশ পালক জামিন মঞ্জুৰ কৰিছে আদালতে ৷ প্ৰথমটো চৰ্ত হৈছে ৰাকেশ পালে পাছপ’ৰ্ট আদালতত জমা দিব লাগিব ৷ দ্বিতীয়টো চৰ্ত হৈছে কোনো কাৰণতে কামৰূপ (ম) জিলা এৰিব নোৱাৰিব পালে ৷

অৱশ্যে এই গোচৰত জামিন লাভ কৰিলেও ৰাকেশ পালে কাৰাগাৰতে থাকিব লাগিব । কাৰণ ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰত এতিয়াও জামিন লাভ কৰা নাই ৰাকেশ পালে । এই সন্দৰ্ভত ৰাকেশ পালৰ অধিবক্তাই জানিবলৈ দিয়া মতে, ৰাকেশ পালৰ বিৰুদ্ধে ৰুজু হৈ থকা চাৰিটা গোচৰৰ তিনিটাত ইতিমধ্যে জামিন লাভ কৰিছে ।

২০১৬ চনৰ নৱেম্বৰ মাহৰ পৰা কাৰাগাৰতে আছে অসম লোকসেৱা আয়োগৰ চাকৰি নিযুক্তিৰ সৰ্ববৃহৎ কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পাল । এতিয়ালৈকে এপিএছচি(APSC) কেলেংকাৰীৰ সৈতে জড়িত মুঠ ৪১ গৰাকী অভিযুক্তই জামিন লাভ কৰিছে । ডিব্ৰুগড় আৰু দিশপুৰ থানাৰ গোচৰত ইতিমধ্যে জামিন লাভ কৰা ৰাকেশ পালে ভঙাগড় থানাৰ গোচৰত জামিন পালে মুকলি আকাশৰ তললৈ ওলাই আহিব ।

লগতে পঢ়ক: সময়সীমা উকলিল : পাঁচ বিষয়াৰ উত্তৰ নাপালে ন্যায়াধীশ শৰ্মা আয়োগে

Last Updated : Jul 23, 2021, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.