ETV Bharat / city

মাজুলীক অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত জিলা হিচাপে ঘোষণা - অসম ক্ৰিকেট সন্থা

অসম ক্ৰিকেট সন্থাৰ জিলাত অন্তৰ্ভুক্ত কৰা হৈছে মাজুলীক(ACA includes Majuli in member districts) । এতিয়াৰে পৰা মাজুলীৰ খেলুৱৈসকলে নিজৰ জিলাৰ বাবে খেলিব পাৰিব । সবিশেষ জানো আহক ৷

aca-includes-majuli-in-member-districts
মাজুলীক অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত জিলা হিচাপে ঘোষণা
author img

By

Published : Dec 19, 2021, 10:24 PM IST

গুৱাহাটী, ১৯ ডিচেম্বৰ : মাজুলীৰ ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ । মাজুলী জিলাক অসম ক্রিকেট সন্থাৰ জিলাত অন্তৰ্ভুক্ত কৰা হৈছে(ACA includes Majuli in member districts ) । দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ ষ্টেডিয়ামত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে অসম ক্ৰিকেট সন্থা(Assam Cricket Association)ৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই । অসম ক্রিকেট সন্থাৰ সাধাৰণ পৰিষদৰ বৈঠকত মাজুলীক অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত জিলা হিচাপে ঘোষণা কৰাৰ লগতে আন কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয় ।

সংবাদমেলত শইকীয়াই কয় যে, এতিয়াৰে পৰা মাজুলীৰ খেলুৱৈসকলে নিজৰ জিলাৰ বাবে খেলিব পাৰিব । সাধাৰণ পৰিষদৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, অসম ক্রিকেট সন্থাৰ পৰা আঁতৰি যোৱা প্ৰাক্তন খেলুৱৈ, বিষয়ববীয়া সকলক ঘূৰাই অনাৰ বাবে '৯১ য়াৰ্ডছ' নামৰ ক্লাৱ হাউচ কৰা হৈছে । এই নতুন ৯১ য়াৰ্ডছ ক্লাৱত প্রাক্তন খেলুৱৈ, প্রশিক্ষক, অসম ক্ৰিকেট সন্থাৰে জড়িত প্রাক্তন বিষয়া-কৰ্মচাৰী অন্তৰ্ভুক্ত হ’ব ।

মাজুলীক অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত জিলা হিচাপে ঘোষণা

অসমত ক্ৰিকেটৰ আন্তঃগাঁঠনি শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যিক ক্ৰিকেট একাডেমীৰ বাবে ৰাজেন্দ্র সিঙক অধ্যক্ষ হিচাপে লৈ তিনি বছৰৰ বাবে এখন কমিটি গঠন কৰা হৈছে ।

অসম ক্ৰিকেট সন্থাক চৰকাৰে পাৰ্কিঙৰ বাবে দিয়া ১১ বিঘা ভূমিৰ ৮০ শতাংশত ৮০০ বাহন পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। বাকী ২০ শত‍ংশ বাণিজ্যিক প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ'ব । তেওঁ লগতে কয় যে জানুৱাৰী মাহত নিলয় দত্তৰ সোঁৱৰণত আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্ট(Nilay Dutta Memorial inter university cricket tournament) অনুষ্ঠিত কৰা হ'ব। সেইদৰে ফেব্ৰুৱাৰী মাহত অফিচ টীমৰ ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হ'ব। সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ আন বিষয়ববীয়া সকল উপস্থিত আছিল ।

লগতে পঢ়ক : MGNREGA in Assam: ব্যৱহাৰ নোহোৱাকৈ অসমত পৰি ৰ’ল আঁচনিৰ ১৬৪ কোটি টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.