ETV Bharat / city

কেবৰ সমৰ্থনত ৰাজপথলৈ আহি ফাদিল হ'ল ABVPৰ জ্ঞানৰ নমুনা

author img

By

Published : Dec 7, 2019, 8:46 PM IST

Updated : Dec 7, 2019, 10:30 PM IST

মহানগৰীত কেবৰ সমৰ্থন গেৰুৱা দলৰ ছাত্ৰ সংগঠন এ বি ভি পিৰ প্ৰতিবাদী সমদল ৷ আন্দোলনকাৰী এ বি ভি পি সমৰ্থকৰ জ্ঞানৰ নমুনাত হতভম্ব ৰাজ্যৰ বিদ্বত সমাজ ৷ বি বৰুৱা কলেজৰ সন্মুখত কেবৰ বিৰুদ্ধে এ বি ভি পিক বাধা দিবলৈ ওলাই আহিল ছাত্ৰ ছাত্ৰী ৷ ছাত্ৰ সমাজক আন্দোলনৰ পৰা আতৰি থাকিবলৈ কৈ গেৰুৱা দলৰ ছাত্ৰ সংগঠনক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দিলে চৰকাৰী নিৰাপত্তা ৷

কেবক সমৰ্থন কৰিবলৈ আহি ফাদিল হ'ল এ বি ভি পিৰ জ্ঞানৰ নমুনা
কেবক সমৰ্থন কৰিবলৈ আহি ফাদিল হ'ল এ বি ভি পিৰ জ্ঞানৰ নমুনা

গুৱাহাটী, 7 ডিচেম্বৰ : শনিবাৰে গুৱাহাটীৰ ৰাজপথত কেবক সৰ্মথন কৰি পিতৃ সংগঠনৰ শ্ৰুতলিপি শুনি ওলাই আহিল বিজেপিৰ ছাত্ৰ সংগঠন এ বি ভি পি ৷ অসমীয়াৰ জাতীয় জীৱনক লৈ ৰাজপথলৈ ওলাই অহা সংগঠনটোৱে কেবৰ বিৰুদ্ধে ৰাজপথত নামিল ঠিকেই কিন্তু সাংবাদিকৰ প্ৰশ্নত থৰকাচুতি হেৰাই দায়সৰা তথা স্ববিৰোধী মন্তব্যৰে পৰিস্থিতি হাস্যকৰ কৰি তুলিলে একাংশ এ বি ভি পি সমৰ্থকে ৷ এ বি ভি পিৰ এই আন্দোলনক লৈ বি বৰুৱা কলেজৰ সন্মুখত সৃষ্টি হ'ল ব্যাপক উত্তেজনাৰ ৷ কেব সমৰ্থনকাৰীক বাধা দিবলৈ ওলাই আহিল বি বৰুৱা কলেজৰ ছাত্ৰ-ছাত্ৰী ৷

কেবক সমৰ্থন কৰিবলৈ আহি ফাদিল হ'ল এ বি ভি পিৰ জ্ঞানৰ নমুনা

কেবৰ সমৰ্থনত ওলাই অহা এইসকলৰ মুখেদিয়ে শুনো আহক নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়াক কেব কিয় লাগে ? যি উত্তৰ শুনি আপুনিও আশ্বৰ্যচকিত হৈ যাব ৷ এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

আৰু পঢ়ক: NRC আৰু কেবৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন গঢ়ি তুলিব তৃণমূল কংগ্ৰেছে !

Intro: অসমৰ চৌদিশে এতিয়া প্ৰতিবাদৰ ঢৌ। কোনো দল সংগঠনে যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে কোনোৱে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ওলাই আহিছে। মহাগৰীৰৰ গুৱাহাটী ক্লাৱৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কেব সমৰ্থন কৰি ৰাজপথলৈ ওলাই আহিছে। কেব বিৰোধিতা কৰি চলি থকা আন্দোলন সমূহক হুংকাৰৰ বাবে ওলাই আহিছে ABVP। বি বৰুৱা কলেজৰ ছাত্ৰ ছাত্ৰী সকলক আবদ্ধ কৰি ৰখাৰ অৱস্থাত প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ মাজেৰে কেব সমৰ্থনত জয়ধ্বনিদিয়া পৰিলক্ষিত হয়।

Body:অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই প্ৰতিবাদকাৰী সকলক সম্পূৰ্ণ নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেৰে প্ৰতিবাদী ৰেলী উলিয়াবলৈ সুৰক্ষা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে। তাৰ বিপৰীতে বি বৰুৱা কলেজৰ ছাত্ৰ ছাত্ৰী সকলক কলেজৰ চৌহদৰ ভিতৰতে আবদ্ধ কৰি ৰাখে প্ৰশাসনে। কলেজৰ ছাত্ৰ সকলৰ ক্ষোভ প্ৰশাসনে কিদৰে নিৰাপত্তা মাজত আবদ্ধ কৰি ৰাখিছে কেব বিৰোধকাৰী সকলক।
Bite:-ছাত্ৰ।

Conclusion:বি বৰুৱা কলেজৰ ছাত্ৰ সকলক তেনেদৰে আবদ্ধ কৰি ৰখাৰ বাবে এজন সাধাৰণ জনতাৰ প্ৰশ্ন প্ৰশাসনলৈ । ছাত্ৰৰ মুক্ত কণ্ঠ আৰু প্ৰতিবাদক আৰক্ষী প্ৰশাসনে বাধা দিয়াক ধিক্কাৰ দিয়ে ব্যক্তি জনে।
Last Updated : Dec 7, 2019, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.