ETV Bharat / city

শীৰ্ষ দহ স্থানৰ ভিতৰত কটন বিশ্ববিদ্যালয় দুই শিক্ষাৰ্থী: কে চি দাস কমাৰ্চ কলেজৰ এজন

author img

By

Published : Jun 27, 2022, 4:51 PM IST

আজি ঘোষণা কৰা হোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত (HS final result 2022) শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ (Cotton University) দুই কৃতি শিক্ষাৰ্থী ৷ বাণিজ্য শাখাত কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ দীপক লোধাই শীৰ্ষৰ দহ স্থানৰ ভিতৰত ষষ্ঠ স্থান দখল কৰে ৷

Abhinanda Hazarika Vedanta Sharma Dipak lodha secured top position in HS final result 2022
শীৰ্ষ দহ স্থানৰ ভিতৰত কটন বিশ্ববিদ্যালয় দুই শিক্ষাৰ্থী : কে চি দাস কমাৰ্চ কলেজৰ এজন

গুৱাহাটী, 27 জুন: আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল (HS final result 2022)। এই পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ (Cotton University) দুই কৃতি শিক্ষাৰ্থী ৷ শীৰ্ষ 10 ৰ ভিতৰত কলা শাখাত অভিনন্দা হাজৰিকাই অষ্টম স্থান দখল কৰাৰ (Abhinanda Hazarika secured 8th position in Arts) লগতে বেদান্ত শৰ্মাই বিজ্ঞান শাখাত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Vedanta Sharma secured 10th position in Science ) ।

কলা শাখাত অষ্টম স্থান দখল কৰা অভিনন্দা হাজৰিকাই ভবিষ্যতে কটন বিশ্ববিদ্যালয়তে পৰিসংখ্যা বিষয়টোক মেজৰ বিষয় হিচাপে লৈ স্নাতক শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ৷ কটনক লৈ গৌৰৱ কৰা অভিনন্দাৰ ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ সপোন ৷

ইপিনে বাণিজ্য শাখাত কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ দীপক লোধাই শীৰ্ষৰ দহ স্থানৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি মহাবিদ্যালয়খনৰ লগতে পিতৃ-মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিছে (Dipak lodha secured 6th position in commerce)। আজৰি সময়ত গান শুনাৰ লগতে বিভিন্ন খাদ্য খাই আৰু বনাই ভাল পোৱা দীপকে এই সফলতাৰ কৃতিত্ব অভিভাবক, শিক্ষক-শিক্ষয়ত্ৰী, বন্ধুবৰ্গক দিয়ে ৷

উল্লেখ্য যে, আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত কটন বিশ্ববিদ্যালয়ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 97 শতাংশ আৰু বিজ্ঞান শাখাত 95 শতাংশ । আনহাতে কে চি দাস কমাৰ্চ কলেজত উত্তীৰ্ণৰ হাৰ 97 শতাংশ ।

লগতে পঢ়ক: HS Exam result 2022: কলা শাখাৰ শীৰ্ষ দহটা স্থানত জিলিকিল এইসকল ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.