ETV Bharat / city

অসম-মেঘালয় সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে - সীমান্তৰ বিবাদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে

অসম মেঘালয়ৰ ছটা বিবদমান (Disputed areas in Assam Meghalaya border) এলেকা সন্দৰ্ভত দিল্লীয়ে মীমাংসাৰ মোহৰ মৰালৈ অপেক্ষা কৰিছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ৷ এই পদক্ষেপৰ সময়তে আছুকে ধৰি পাঁচটা জাতীয় আৰু জনজাতীয় সংগঠনৰ নেতৃত্বই বিবাদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন (AASU to visit Assam Meghalaya's disputed border areas) । সবিশেষ জানো আহক ৷

aasu-to-visit-assam-meghalayas-disputed-border-areas
অসম-মেঘালয় সীমান্তৰ বিবাদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে
author img

By

Published : Jan 22, 2022, 9:02 AM IST

গুৱাহাটী, 22 জানুৱাৰী : অসম-মেঘালয় সীমান্তৰ ছটা বিবদমান এলেকা (Disputed areas in Assam Meghalaya border) সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহমন্ত্রীক বৃহস্পতিবাৰে সাক্ষাৎ কৰি প্ৰস্তাৱ দাখিল কৰে । প্ৰস্তাৱ সন্দৰ্ভত দিল্লীয়ে মোহৰ মাৰিলে দুয়োখন ৰাজ্যৰ ছটা বিবদমান এলেকাৰ বিবাদ মীমাংসা হ'ব বুলি আশা কৰা হৈছে ।

দুয়োখন ৰাজ্যৰ এই পদক্ষেপৰ সময়তে আছুকে ধৰি পাঁচটা জাতীয় আৰু জনজাতীয় সংগঠনৰ নেতৃত্বই বিবদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন (AASU to visit Assam Meghalaya's disputed border areas) ৷

সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে

এই সন্দৰ্ভত শুকুৰবাৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (AASU chief adviser Dr Samujjal Kumar Bhattacharjya) ই সংবাদ মাধ্যমৰ আগত কয় যে, আছুকে ধৰি নিখিল বড়ো ছাত্র সন্থা, নিখিল ৰাভা ছাত্র সন্থা, সদৌ অসম গোৰ্খা ছাত্র সন্থা আৰু সদৌ অসম গাৰো ছাত্র সন্থাই নেতৃত্ব শীঘ্ৰেই বিবাদমান এলেকাসমূহলৈ যাব ।

অসম-মেঘালয়ৰ ১২ বিবদমান এলেকাৰ ভিতৰত ছটা এলেকাক লৈ দুয়োখন ৰাজ্যৰ চৰকাৰ সহমতত উপনীত হৈছে । তেওঁ কয় যে, পাঁচটা সংগঠনৰ নেতৃত্ব সেই ঠাইসমূহলৈ গৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰিব ।

ৰাইজৰ মতামত গ্ৰহণৰ পাছতেহে পাঁচটা সংগঠনে নিজৰ মতামত প্ৰতিবেদন আকাৰে চৰকাৰক দিব । তেওঁ কয় যে, আমি সীমা সমস্যাৰ এটা স্থায়ী সমাধান বিচাৰো । সীমা সমস্যাৰ সমাধান কৰাটো ৰাইজৰ নহয় চৰকাৰৰ দায়িত্ব । এই দায়িত্ব চৰকাৰে পালন কৰিব লাগিব বুলি তেওঁ কয় ।

উল্লেখ্য যে, অলপতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আছুকে ধৰি পাঁচটা সংগঠনৰ নেতৃত্বৰ সৈতে অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত বৈঠকত মিলিত হৈছিল ।

লগতে পঢ়ক : AASU general meeting postpond: সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰৰ সাধাৰণ সভা স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.