ETV Bharat / city

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - AASU protset in Guwahati

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে আছুৱে গুৱাহাটীত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ শেহতীয়াকৈ পেট্ৰ'ল,ডিজেলসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী হাৰত বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰিছে সাধাৰণ ৰাইজ ৷

aasu-protset-against-price-hike-in-guwahati
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
author img

By

Published : Apr 1, 2022, 9:48 PM IST

গুৱাহাটী, 1 এপ্ৰিল : অত্যাৱশ্যকীয় সামগ্ৰী ,পেট্ৰল, ডিজেল ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি শুকুৰবাৰে আছুয়ে সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে (AASU protset in Guwahati) । সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত উজানবজাৰ শ্বহীদ ন্যাসৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (AASU protset against price hike) ।

কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধ ৰোধ কৰক, বজাৰত লাগিছে জুই চৰকাৰ আছে শুই আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আছুৱে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বজাৰত "জুই লাগিছে চৰকাৰ আছে শুই" বুলি উল্লেখ কৰে ৷ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন জুৰুলা কৰি তুলিছে । চৰকাৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হোৱাৰ সাহস হেৰুৱাইছে বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে মুখ্য উপদেষ্টাগৰাকীয়ে ।

আনহাতে, তেওঁ AFSPA সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আংশিকভাৱে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কিছু কিছু অঞ্চল পৰা AFSPA প্ৰত্যাহাৰ কৰাটো আদৰণীয় । কিন্তু আমি বিচাৰো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰাই প্ৰত্যাহাৰ কৰক এই আইন ।

কাৰণ, উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ এই দাবী বহু পুৰণি ৷ যদি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নোহোৱালৈ আছু তথা নেছৰ আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰে আছুৰ উপদেষ্টাগৰাকীয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সভাপতি দিপাংক নাথে মূল্যবৃদ্ধিয়ে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে ৷

লগতে 10 দিনত 9 বাৰ পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি পাইছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । ইয়াৰোপৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজিৰ পৰা ধাৰাবাহিক ভাৱে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : Threats To PM Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.