ETV Bharat / city

মহানগৰীত ভূমিস্খলনত প্ৰাণ গ’ল শ্ৰমিকৰ - মহানগৰী বৰবাৰী

মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । মহানগৰী বৰবাৰীৰ মিলন নগৰত সংঘটিত হৈছে এই ঘটনা ৷ এই ঘটনাত নিহত হৈছে এজন শ্ৰমিক । নিহত শ্ৰমিক জন সাতগাঁও নোৱাপাৰাৰ হাবেজ আলী (৫০) বুলি জানিব পৰা গৈছে ৷

a-workman-was-died-because-of-landslide-etv-bharat-assam

author img

By

Published : Aug 6, 2021, 10:24 PM IST

গুৱাহাটী,৬আগষ্ট : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । মহানগৰীৰ বৰবাৰী মিলন নগৰত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ভূমিস্খলনৰ ঘটনাত এজন লোকে কৰুণ মৃত্যুক সাৱটি লয় । ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকজন সাতগাঁও নোৱাপাৰাৰ হাবেজ আলি (৫০) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে জনৈক সিনহা উপাধিৰ লোকজনে যোৱা দুদিন মানৰ পৰা নিজৰ ঘৰৰ পিছফালে থকা মাটি ডৰা সমান কৰাৰ বাবে তিনিজন শ্ৰমিকক নিয়োগ কৰিছিল ।

সেই অনুসৰি আজি পুৱাৰে পৰা শ্ৰমিক তিনিজনে পাহাৰৰ মাটি খন্দা কামত ব্যস্ত হৈ আছিল। কিন্ত দুপৰীয়াৰ ভাগত অহা এজাক বৰষুণৰ পাছতেই পাহাৰৰ মাটি খন্দাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হয় যদিও খনন কাৰ্য অব্যাহত ৰাখে শ্ৰমিক কেইজনে । তেনে সময়তে দুপৰীয়া প্ৰায় 2.30 মান বজাত পাহাৰৰ মাটি কাটি থকা অৱস্থাত অকস্মাৎ ওপৰৰ পৰা শিল-মাটি খহি অহাৰ লগতে এডাল গছ বাগৰি এজন শ্ৰমিকক হেঁচা মাৰি ধৰে ।

অৱশ্যে কোনোমতে আন দুজন শ্ৰমিক কথামপি প্ৰাণ ৰক্ষা পৰে যদিও হাবেজ আলীক পাহাৰৰ মাটিয়ে পুতি পেলায় । ইফালে এই ঘটনাক লৈ সৃষ্টি হোৱা হুলুস্থুলীয়া পৰিবেশৰ মাজত স্থানীয় ৰাইজে বহু সময় ধৰি বিভিন্ন উপায়ৰে লোকজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাও ব্যৰ্থ হয় । অৱশেষত ৰাইজে শ্ৰমিক জনৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে ।

ভূমিস্খলনত প্ৰাণ গ’ল এজন শ্ৰমিকৰ

জানিব পৰা মতে পত্নী সহ তিনিটা সন্তানৰ পিতৃ মৃত শ্ৰমিক হাবেজ আলিৰ প্ৰকৃত ঘৰ কামৰূপৰ নগৰবেৰাত । উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাহাৰৰ মাটি খনন কৰাৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ পিছতো সিনহা উপাধিৰ লোকজনে কিদৰে তিনিজনকৈ শ্ৰমিক লগাই বিপদ সংকুল অঞ্চলত পাহাৰ খনন কৰিবলৈ সক্ষম হ’ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মাজত।

লগতে পঢ়ক:কাল কৰ’ণা : আৰ্থিক দৈন্যতাৰ বাবে আত্মহনন প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.