গুৱাহাটী, 12 ডিচেম্বৰঃ এতিয়াৰে পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে যাত্ৰাৰ সময়ত কোনো কাৰণতে ভয় শংকাৰ কাৰণ নাই যাত্ৰীসকলৰ। ইফালে চৰকাৰে ব্ৰহ্মপুত্ৰৰ বুকুত যদি কোনো কাৰণত দুৰ্ঘটনা সংঘটিত হয়, তাৰ প্ৰতি লক্ষ্য কৰি দুৰ্ঘটনাগ্ৰস্ত লোকসকলক তৎকালীনভাৱে উদ্ধাৰ কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত উদ্ধাৰকাৰী জোৱান মকৰল কৰিছে ৷ তাৰোপৰি ৰ'পৱেৰে বাবে থকা দুটা কেবিনৰো ব্যৱস্থা কৰিছে চৰকাৰে ৷
![ropeway_Appointed rescue Force](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9849546_li.jpg)
আনহাতে, আজি দুৰ্ঘটনাগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত এটা উদ্ধাৰ অভিযানৰ অনুশীলন চলায় । অভিযানৰ সময়ত জি এম ডি এৰ শীৰ্ষ অভিযন্তা আৰু দামোদৰ ৰ'পৱেৰ বিষয়া সকল উপস্থিত আছিল । তাৰোপৰি দুৰ্ঘটনাগ্ৰস্ত লোক সকলক প্ৰতি ছেকেণ্ডত .৫ মিটাৰ গতিবেগত উদ্ধাৰ কৰিব পাৰিব বুলি সদৰি কৰিছে জি এম ডি এৰ শীৰ্ষ বিষয়াই ৷
লগতে পঢ়ক- নলবাৰীত আছুৰ ক’লা দিন পালন