ETV Bharat / city

7 বজাৰ শীৰ্ষ দহটা বাতৰি - 7 PM TOP TEN BULLETIN

7 বজাৰ শীৰ্ষ দহটা বাতৰি

7 বজাৰ শীৰ্ষ দহটা বাতৰি
7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jan 15, 2021, 7:30 PM IST

শীঘ্ৰেই মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট

49 কোটি টকাৰ ব্যয় সাপেক্ষ কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট ৷ মাঘৰ 1 তাৰিখে পুৱাই অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ প্ৰস্তুতিৰ শুভাৰম্ভণি কৰি এই কথা জনালে মন্ত্ৰী কেশৱ মহন্তই ৷

কোটি কোটি ৰাজহ ফাঁকীৰে বনজ সম্পদৰ অবাধ লুন্ঠনৰাজ!

প্ৰত্যেক দিনে এখন ট্ৰাকত 1600 টকাকৈ ৰাজহ ফাঁকিৰে ধুবুৰীত চলি আছে সম্পদৰ অবাধ লুন্ঠনৰাজ ৷ অভিযোগ অনুসৰি বন বিষয়া বিজয় টি পলভি আৰু এগৰাকী ৰেঞ্জাৰৰ নেতৃত্বত ধুবুৰীত দীর্ঘদিনে চলি আহিছে শিল বালিৰ অবাধ ছিণ্ডিকেট । ইফালে,শুকুৰবাৰে ধুবুৰী আৰক্ষীৰ এক অভিযানত পুনৰ জব্দ হয় নথিবিহীন পাঁচ খনকৈ অবৈধ শিল ভৰ্তি ট্ৰাক ।

সীমা বিবাদ: অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি ৷ অসমৰ মাটিত পথ নিৰ্মাণক লৈ সীমা বিবাদ ৷ অসমৰ মাটিক মিজোৰামৰ বুলি দাবী উত্থাপন মিজো সংগঠনৰ ৷ অসমৰ মাটিত MZ লিখি সীমা নিৰ্ধাৰণ কৰি পথ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ হুমকি মিজো সংগঠনৰ লোকৰ ৷ মিজো সংগঠনৰ হুমকিৰ পাছতে বন্ধ হৈ পৰিছে পথ নিৰ্মাণৰ কাম ৷

উজনিৰ 7 খন জিলাৰ বাবে ডিব্ৰুগড় পালেহি ক'ভিচিল্ড ভেকচিন

বৰ্তমান ডিব্ৰুগড়ৰ অতিৰিক্ত স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত সংগ্ৰহ কৰি ৰখা হৈছে এই ভেকচিন সমূহ । স্বাস্থ্য বিভাগৰ তত্বাৱধানত শুকুৰবাৰেই উজনিৰ আটাইকেইখন জিলালৈ ভেকচিন সমূহ প্ৰেৰণ কৰা হ'ব ৷

আজিৰ পুৱা ভাগত অন্ত পৰিল কৃষক মুক্তিৰ অনশন কাৰ্যসূচী

শুকুবাৰে পুৱা ভাগত অন্ত পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 48 ঘন্টীয়া অনশন কাৰ্যসূচীৰ ৷ জেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া আৰু সাহিত্যিক তথা সাংবাদিক মাইনী মহন্তই ফলৰ ৰস খোৱাই ভংগ কৰে কৃষক মুক্তিৰ এই অনশন কাৰ্যসূচী ৷

বিচৰাৰ টকা নিদিয়াৰ বাবেই মৰিয়াই মৰিয়াই হত্যা মাতৃক

ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটৰ নকছাৰিৰ ডেবেৰাপাৰ চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত দুই নং দৰকিয়াল গাঁৱত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড ৷ শৈক্ষিক সমাজক লজ্জিত কৰাৰ লগতে মাতৃ পুত্রৰ পবিত্ৰ সম্পর্কক ভৰিৰে মোহাৰি জন্মদাত্ৰী মাতৃক হত্যা কৰে পুত্ৰই ৷

লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

অসমৰ খিলঞ্জীয়া লোকৰ জীৱন সুনিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ । অসমৰ ভূমিপুত্ৰ সকলক দিবলৈ মাটি নাই বিদেশীক দিবলৈ মাটি আছে । ভোগালী বিহুৰ দিনাই লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত হয় লুৰীনজ্যোতি গগৈয়ে এই দৰে মন্তব্য কৰে ।

আনুষ্ঠানিকতা ৰক্ষা কৰি বৈদ্যবড়ীত গৰলীয়া ম’হৰ যুঁজ

আজি পহিলা মাঘ ৷ ৰাজ্যজুৰি অসমীয়াই পালন কৰিছে আদৰৰ ভোগালী বিহু ৷ মৰিগাঁৱৰ বদ্যবড়ীত গৰলীয়া ম’হৰ যুঁজ চাবলৈ ৰাইজৰ ভিৰ দেখা গ’ল ৷ পৰম্পৰা ৰক্ষা কৰি ৰাইজে অনুষ্ঠিত কৰিছে ম’হৰ যুঁজ ৷

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী

দক্ষিণ শালমৰা-মানকাচৰ জিলাত আটক হৈছে এগৰাকী বাংলাদেশী নাগৰিক ৷ বৃহস্পতিবাৰে নিশা মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শক সন্তোষ কুমাৰ বৰ্মণৰ সহযোগত চলোৱা অভিযানত আটক হয় বাংলাদেশীজন ৷

ধুবুৰীৰ গোলকগঞ্জত আশা কৰ্মীৰ প্ৰতিবাদ

ন্য়ায্য় প্ৰাপ্তিৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জত আশা কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ বৃহস্পতিবাৰে ৷ শীঘ্ৰেই যদি আশা কৰ্মীসকলৰ এই দাবী মাননি নলয় তেন্তে ভোট বর্জনৰো হুংকাৰ প্ৰদান কৰিছে আশা কৰ্মীসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.