নিউজ ডেস্ক, 26 মে': সোমবাৰে নিশাৰ ভাগত এক মৃদু ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ আৰু উত্তৰ পূৱ ভাৰতক । ৰিখ্টাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল 5.5 ।
নেশ্যনেল চেন্টাৰ ফৰ ছিচম'লজীয়ে (NCS) প্ৰকাশ কৰা অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰাঙৰ পৰা 15 কিল'মিটাৰ পশ্চিম অংশ । গুৱাহাটী আৰু দাঁতি কাষৰীয়া অঞ্চল এই ইয়াৰ জোঁকাৰণি অনুভূত হয় ।