গুৱাহাটী, ১৭ এপ্ৰিল: মহানগৰীৰ বিভিন্ন স্থানত চোৰৰ দলে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লুটপাত চলাই আহিছে । দেওবাৰে নিশা মহানগৰীৰ সাতগাঁও নোৱাপাৰাৰ দীপক ডেকাৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি নগদ কেইবালাখ টকাসহ বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায় । পিছদিনাহে ঘটনাৰ উমান পোৱাত দীপক ডেকাই নুনমাটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । তেওঁৰ গোচৰৰ ভিত্তিত বুধবাৰে আৰক্ষীয়ে চাৰিটাকৈ চোৰ গ্ৰেপ্তাৰ কৰে ৷
সেই চুৰি টকাৰে এখন ই - ৰিক্সা আৰু এখন বাইক ক্ৰয় কৰে চোৰকেইটাই । চুৰি সামগ্ৰীৰ ভিতৰত আছিল আ - অলংকাৰ, প্ৰায় 2 লাখ 50 হাজাৰ নগদ টকা আৰু এটা চিলিণ্ডাৰ ৷ মিস্ত্ৰী হিচাপে নিজৰ পৰিচয় দি চুৰি কাৰ্য চলাই থাকে বুলি স্বীকাৰোক্তিত প্ৰকাশ কৰে চোৰকেইটাই ।