গুৱাহাটী, 9 ছেপ্তেম্বৰ : ৰাইজত সঘনাই বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ বুধবাৰে জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ সফলতা ৷ ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ চাৰিজনকৈ সৰবৰাহকাৰী । লগতে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ছয় পেকেট ড্ৰাগছ,চাৰিটা ম’বাইল ফোন,নগদ ধন সহ বহু আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।
সৰবৰাহকাৰী কেইটাৰ নাম হৈছে ক্ৰমে জাহাংগীৰ আলী,ফালু মিঞা,মিজানুৰ আলী,মেহবুব আলী । বৰপেটাৰ পৰা মহানগৰীত ড্ৰাগছ যোগান ধৰিবলৈ আহিছিল লোক কেইজন ।
![জালুকবাৰীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ চাৰি সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8740855_1069_8740855_1599661030273.png)
এক গোপন সূত্ৰৰ পম খেদি জালুকবাৰীত আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে আটাইকেইটা ড্ৰাগছ সৰবৰাহকাৰীক । উল্লেখ্য যে,দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত জড়িত আছিল এই কেইটা সৰবৰাহকাৰী । ইফালে আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে জালুকবাৰী শাখাৰ আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগুৱে ।
লগতে চাওক-জেমিথাং সীমান্তৰ গাঁওবাসীক আঁতৰোৱাৰ কথা ভিত্তিহীন : সেনা আৰু টাৱাং জিলা প্ৰশাসন