গুৱাহাটী, 10 জুনঃ 6 জুনত ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল । পূৰ্বতকৈ উত্তীৰ্ণ হাৰ বেছি হোৱাৰ লগতে শীর্ষ 10 স্থান লাভ কৰিবলৈ সক্ষম হৈছিল মুঠ 42 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে । কৰ'ণা ভাইৰাছৰ বাবে 2020 বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত কিছু অনিশ্চয়তাত ৰাখিছে যদিও এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ শিক্ষাৰ্থী সংখ্যা বিগত বৰ্ষতকৈ অধিক বেছি দেখা পোৱা গৈছে । এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ পৰা 3.48 লাখ ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল । ইয়াৰে 64.80 শতাংশ ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল হাইস্কুলৰ দেওনা ।
কিন্তু আন বছৰৰ তুলনাত উত্তীৰ্ণ হাৰ অধিক হ'লেও বহু বিদ্যালয়ৰ পৰা এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱাত চৰকাৰে এনে বিদ্যালয়ৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ছেবাৰ অধ্যক্ষ আৰ চি জৈনে জানিবলৈ দিয়া অনুসৰি কেৱল চৰকাৰীয়ে নহয় বহু কেইখন বেচৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীও এইবাৰ উত্তীৰ্ণ নহ'ল 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।
এতিয়া এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা বেচৰকাৰী 127 খন স্কুল সমূহলৈ পঠিওৱা হ'ব জাননী । লগতে যদিহে স্কুল কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ছেবাই বাতিল কৰিব সেই বিদ্যালয় সমূহৰ অনুজ্ঞা পত্ৰ । আনহাতে চৰকাৰী বিদ্যালয় সমূহৰ 17 খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে 2020 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল । যাৰ বাবে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে ।
ইতিমধ্য়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তীৰ্ণ হাৰ শূণ্য হোৱা বিদ্যালয় সমূহ বন্ধ কৰি দিয়াৰ বিষয়টো ঘোষণা কৰাৰ পিছতেই চৰ্চিত হৈ পৰিছে বিষয়টো ।
এই সন্দৰ্ভত বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ ৰমেশ পাঠকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, উত্তীৰ্ণ হাৰ শূণ্য হোৱা বিদ্যালয় সমূহ বন্ধ কৰাৰ চৰকাৰী নিৰ্দেশনা সমৰ্থনৰ যোগ্য নহয় । কাৰণ এখন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ লগতে এটা অঞ্চলৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ সোঁৱৰণৰ কেন্দ্ৰস্থল হ'ব পাৰে । বিদ্যালয় সমূহ বন্ধ কৰি দিয়াৰ বিপৰীতে ৰমেশ পাঠক ডাঙৰীয়াই কয় যে বিদ্যালয় শিক্ষক শিক্ষয়ত্ৰী ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱাটো বেছি প্ৰয়োজন আছিল । অসমৰ বিদ্যালয় সমূহৰ শিক্ষা পদ্ধতি আসোঁৱাহ পূৰ্ণ যাৰ বাবে এনে নিৰাশজনক ফলাফল পোৱা গৈছে বুলি উল্লেখ কৰে পাঠকে । বিদ্যালয় সমূহ বন্ধ কৰি দিয়াৰ পৰিৱৰ্তে সু-ব্যৱস্থাৰ জৰিয়তে বিদ্যালয় কেইখন পুনজ্জীৱিত কৰাৰ হে প্ৰয়োজন আছিল বুলি কয় ৰমেশ পাঠকে ।
আনহাতে শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে জানিবলৈ দিয়ে যে, ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণৰ যোগ্য । ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাবে চৰকাৰে সঠিক সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে চৌধুৰীয়ে ।
এতিয়া সম্প্ৰতি কাছাৰ জিলাৰ 2 খন, ধুবুৰীৰ 1 খন, যোৰহাটৰ 4 খন, কামৰূপ গ্ৰাম্যৰ 1 খন, কাৰ্বিআংলঙৰ 3 খন, নগাঁৱৰ 1 খন আৰু ডিমা হাছাওৰ 5 খনৰ লগতে বহু চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যৎ আজিৰ তাৰিখত অন্ধকাৰ পথত ।
এখন বিদ্যালয় কেৱল ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ সৈতেই জড়িত নহয় । এখন বিদ্যালয় এটা অঞ্চলৰ ইতিহাসৰ বাহকও । এতিয়া প্ৰশ্ন এখন চৰকাৰী বিদ্যালয়ৰ বন্ধৰ বাবে কেৱল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰে দ্বায়িত্ব থাকে নেকি ? স্থানীয় ৰাইজৰ দায়িত্ব এই অঞ্চলৰ বিদ্যালয়ৰ বাবে একো নাথাকে নেকি ? এনে বহু প্ৰশ্ন লৈ নিৰ্দিষ্ট কালৰ বাবে চৰকাৰৰ নিৰ্দেশ মৰ্মে বন্ধ হ'ব গৈছে বহু চৰকাৰী বিদ্যালয় ।
লগতে চাওকঃ বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰেছ বিজ্ঞপ্তি