ETV Bharat / city

ৰাজ্যৰ 31 খন কাৰাগাৰৰ 167 গৰাকী কয়দী আক্ৰান্ত কৰ’ণাত - কাৰাগাৰ সমূহৰ মহাপৰিদৰ্শক

কৰ’ণাৰ দ্বিতীয়টো ঢৌ'ত 31 খন কাৰাগাৰৰ 167 গৰাকী কৰ’ণাত আক্ৰান্ত ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মাত্ৰ 4 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত বুলি মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই উল্লেখ কৰে ৷

ৰাজ্যৰ 31 খন কাৰাগাৰৰ 167 গৰাকী কয়দী আক্ৰান্ত কৰ’ণাত

author img

By

Published : May 14, 2021, 4:49 PM IST

Updated : May 14, 2021, 5:10 PM IST

গুৱাহাটী, ১৪ মে': গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰকে ধৰি ৰাজ্যৰ ৩১ খন কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলৰ মাজত ১৩ মে' পৰ্যন্ত ১৬৭ গৰাকীৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে । শুকুৰবাৰে ই টিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰিছে অসমৰ কাৰাগাৰ সমূহৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই । উল্লেখযোগ্য যে বিগত বৰ্ষত ক'ভিডৰ প্ৰথমটো ঢৌ'ত ৰাজ্যৰ সকলো কাৰাগাৰত থকা কয়দীসকলৰ বুজন সংখ্যকেই আক্ৰান্ত হৈছিল ক'ভিড-19 ত ।

প্ৰায় তিনি হাজাৰ কাৰাবন্দীৰ শৰীৰত ক'ভিড-19 ৰ সংক্ৰমণ ধৰা পৰিছিল । মহাপৰিদৰ্শক গৰাকীয়ে জনোৱা মতে ক'ভিড-19ৰ প্ৰথমটো ঢৌ'ৰ পিছত যথেষ্ট তৎপৰতাৰে চৰকাৰে কাৰাগাৰসমূহত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে ৷ যাৰ ফলস্বৰূপে এইবাৰ খুব কম সংখ্যক কাৰাবন্দীহে আক্ৰান্ত হৈছে ।

ৰাজ্যৰ 31 খন কাৰাগাৰৰ 167 গৰাকী কয়দী আক্ৰান্ত কৰ’ণাত
ৰাজ্যৰ 31 খন কাৰাগাৰৰ 167 গৰাকী কয়দী আক্ৰান্ত কৰ’ণাত

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বুধবাৰৰ দিনটোলৈকে চাৰিজনহে ক'ভিডত আক্ৰান্ত কাৰাবন্দী আছিল । অৱশ্যে ক'ভিডৰ দ্বিতীয়টো ঢৌ'ৱে সবাটোকৈ বেছিকৈ আক্ৰান্ত কৰিছে কৰিমগঞ্জ কাৰাগাৰক কয়দীক । কাৰাগাৰখনৰ ৬৫ গৰাকীতকৈও অধিক কয়দীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে বুলি উল্লেক কৰে বৰ্ণালী শৰ্মাই ৷ আনহাতে, সম্প্ৰতি যিকোনো কাৰাগাৰলৈ নতুন কয়দীৰ আগমন ঘটিলে তেওঁক প্ৰথমে কোৱাৰেন্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বিগত বৰ্ষত উচ্চতম ন্যায়ালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰাগাৰত থকা কৰ’ণাক্ৰান্ত কয়দীক 30 দিনৰ বাবে পেৰলত মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷ আদালতৰ নিৰ্দেশ মৰ্মে বিগত বৰ্ষত অসমৰ বিভিন্ন কাৰাগাৰৰ পৰা 6801 গৰাকী কয়দীক পেৰলত মুকলি কৰাৰ ব্যৱস্থা কৰিছিল অসমৰ কাৰাগাৰ সমূহৰ মহাপৰিদৰ্শকে ৷ কিন্তু কৰ’ণাৰ দ্বিতীয়টো ঢৌ'ত অসমৰ বিভিন্ন কাৰাগাৰত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে এতিয়ালৈকে পেৰলত কয়দীক মুকলি কৰাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷

লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত ঈদৰ শুভেচ্ছা বিনিময়

Last Updated : May 14, 2021, 5:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.