গুৱাহাটী, ৩০ মে’: ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত মহানগৰীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ২৯ মে' ৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হোৱা ৰাজ্যিক যোগ অলিম্পিয়াড 2022 ৰ সোমবাৰে সামৰণি পৰে ।
অনুষ্ঠানৰ শেষৰ দিনা ৰাষ্ট্ৰীয় অলিম্পিয়াড প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা অসমৰ 16 গৰাকী নিৰ্বাচিত প্ৰতিযোগীক মেডেল, স্মাৰক আৰু মানপত্ৰৰে সন্মানিত কৰা হয় (16 students selected for national Yoga Olympiad) । উচ্চ প্ৰাথমিক (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী) আৰু মাধ্যমিক (নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণী) পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ 28 খন জিলাৰ শতাধিক ছাত্ৰ-ছাত্ৰী ।
উল্লেখ্য যে, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ প্ৰাংগণত আগন্তুক 18, 19 আৰু 20 জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ অলিম্পিয়াড প্ৰতিযোগিতা । বিগত দুটা বছৰ ক’ভিড পৰিস্থিতিৰ বাবে এই যোগ অলিম্পিয়াড প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল ।
এইবাৰ অসমৰ পৰা নিৰ্বাচন কৰা অসমৰ 16 গৰাকী প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠত্ব অৰ্জনৰে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ উপ সঞ্চলিকা গীতা বৰঠাকুৰে ।
লগতে পঢ়ক : ক’লা ল’ৰাৰ ভুলটোকেই কৰিলে জুৰীয়াৰ আশ্বিকুলে !