ETV Bharat / city

গ্ৰামাঞ্চললৈ সুখবৰঃ পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ ৭০ শতাংশ পুঁজিয়েই পাব গাঁও পঞ্চায়তে - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ

পঞ্চদশ বিত্ত আয়োগৰ পৰা লাভ কৰিবলগীয়া পুঁজিৰ ৭০ শতাংশই গাঁও পঞ্চায়ত সমূহলৈ আৱন্টন দিবলৈ নীতি নিৰ্দ্ধাৰণ কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে (PNRD funds allotment to GP) । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক সুত্ৰই প্ৰকাশ কৰিলে তথ্য ৷

15th-finance-commission-funds-implementation-in-assam
গ্ৰামাঞ্চললৈ সুখবৰঃ পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ ৭০ শতাংশ পুঁজিয়েই পাব গাঁও পঞ্চায়তে
author img

By

Published : Feb 18, 2022, 1:20 PM IST

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: অসমৰ গাঁওবাসীৰ বাবে ভাল খবৰ ! এইবাৰ পঞ্চদশ বিত্ত আয়োগৰ পৰা লাভ কৰিবলগীয়া পুঁজিৰ ৭০ শতাংশই গাঁও পঞ্চায়ত সমূহলৈ আৱন্টন দিবলৈ নীতি নিৰ্দ্ধাৰণ কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে (Panchayat and Rural Development department) । বাকী থকা ৩০ শতাংশ পুঁজি ১৫ শতাংশকৈ ভগাই দিয়া হব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমূহৰ মাজত । এই তথ্য সদৰী কৰিছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক সুত্ৰই ।

একেটা সুত্ৰই লগতে এই বুলিও প্ৰকাশ কৰিছে যে এইবাৰ পঞ্চদশ বিত্ত আয়োগৰ পৰা লাভ কৰা পুঁজি অসম চৰকাৰে মূলতঃ ব্যৱহাৰ কৰিব অনাময় আচনি, খোৱাপানী যোগান, বৰষুণৰ পানী সংৰক্ষণৰ দৰে কেতবোৰ বিশেষ আচনিত ( 15th Finance Commission funds implementation in Assam) । এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়ত বিভাগে স্পষ্ট নীতি নিৰ্দেশনা ৰাজ্য চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু সেই নীতি নিৰ্দেশনা মানি চলিয়েই পঞ্চদশ বিত্ত আয়োগৰ পৰা অসমে পাবলগীয়া ধনৰ ৭০ শতাংশ গাঁও পঞ্চায়তৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত লোৱা হৈছে ।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পুঁজি সঁচা অৰ্থত গাঁওবাসীৰ স্বাৰ্থত ব্যৱহাৰ হবনে আদবাটতে এটা অংশ হৰলুকি হব সেয়াহে । কিয়নো এইক্ষেত্ৰত বিগত সময়ৰ অভিজ্ঞতা বৰ এটা সুখদায়ক নহয় । ৰাজ্যৰ বহুবিলাক গাঁও পঞ্চায়তত চলি থকা অবাধ বিত্তীয় খেলিমেলি-কেলেংকাৰী এতিয়া কোনো নতুন কথা হৈ থকা নাই ।

আনহাতে, ইতিমধ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰি থকা জলজীৱন মিছনৰ নতুন আচনি সমূহ এতিয়া গাঁও পঞ্চায়ত সমূহত পঞ্চদশ বিত্ত আয়োগৰ ধনেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেহে ৰূপায়ণ কৰিব । ইয়াকে লৈ ইতিমধ্যে দুয়োটা বিভাগৰ মাজত এক বুজাবুজিও সম্পন্ন হৈছে বুলি সুত্ৰটোৱে প্ৰকাশ কৰে । ৰাজ্য চৰকাৰৰ এই নতুন নীতিত খোৱাপানী যোগান আৰু অনাময় আচনিসমূহ ৭০-৩০ অনুপাতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰাৰ নিয়ম বান্ধি দিয়া হৈছে ।

গাঁও অঞ্চলত অৱস্থিত প্ৰতিখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত বিশুদ্ধ খোৱাপানীৰ যোগান আৰু অনাময়ৰ যাতে সুব্যৱস্থা কৰা হয় তাৰ বাবেও নিৰ্দেশনা দিয়া হৈছে । মনকৰিবলগীয়া যে এইবাৰ পঞ্চদশ বিত্ত আয়োগৰ এই পুঁজি যাতে প্ৰতিখন গাঁও পঞ্চায়তত সঠিক ৰূপায়ণ হয় সেয়া তদাৰক কৰিবলৈ প্ৰতিখন জিলাতে অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত একোখনকৈ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এইধৰণৰ সমিতি সমূহত সংশ্লিষ্ট জিলাৰ উপায়ুক্ত গৰাকী থাকিব উপাধ্যক্ষৰ পদবীত । একেদৰে তেনে সমিতিৰ সদস্য সচিব পদত অধিষ্ঠিত হব সংশ্লিষ্ট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকী । আনহাতে, জিলা পৰিষদ সমূহৰ অধ্যক্ষ সকল, অতিৰিক্ত উপায়ুক্ত, শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া সকল তেনে সমিতিৰ সদস্যৰ পদত থাকিব ।

লগতে পঢ়ক : ৰঙাপৰাত ৰেল দুৰ্ঘটনা : লাইনচ্যুত ১৬ টাকৈ ডবা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.