ETV Bharat / city

ব্ৰাক্ষ্মণ সমাজৰ বাধা নেওচি শদিয়াৰ পৰা ধুবুৰীলৈ কাঞ্চনজংঘাৰ ব্য়াপক প্ৰচাৰ - assam news

৬ চেপ্তেম্বৰত মুক্তি পাব লগা ছবিখনৰ প্ৰচাৰৰ বাবে বাবে তিনিচুকীয়া,ডিব্ৰুগড়ৰ পাছত দেওবাৰে মৰাণ মহিলা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অনুৰাগী তথা স্থানীয় ৰাইজক ছবিখন চাবলৈ অনুৰোধ কৰে জুবিন গাৰ্গে

'কাঞ্চনজংঘা'ত অভিনয় জুবিনৰ পোহনীয়া কুকুৰৰ
author img

By

Published : Aug 18, 2019, 11:13 PM IST

ডিব্ৰুগড়, 18 আগষ্টঃ মৰাণত 'কাঞ্চনজংঘা' ছবিৰ প্ৰচাৰ চলালে ছবিখনৰ প্ৰযোজক,পৰিচালক তথা নায়ক জুৱিন গাৰ্গে । আগন্তুক ৬ চেপ্তেম্বৰত মুক্তি পাব লগা ছবিখনৰ প্ৰচাৰত তিনিচুকীয়া,ডিব্ৰুগড়ৰ পাছত দেওবাৰে মৰাণ মহিলা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অনুৰাগী তথা স্থানীয় ৰাইজক ছবিখন চাবলৈ অনুৰোধ কৰে ৷ প্ৰচাৰত জুবিনে 'কাঞ্চনজংঘা'ত তেখেতৰ পোহনীয়া কুকুৰটোৰ অভিনয় চাই দৰ্শকে ভাল পাৱ বুলি মন্তব্য কৰে ৷

আনহাতে, " যিকোনো মূল্যৰ বিনিময়ত "কাঞ্চনজংঘা" ছবিৰ পৰা বাদ দিব লাগিব বিতৰ্কিত লগুন চিঙা দৃশ্য ৷ দৃশ্য উঠাই নিদিয়া পৰ্যন্ত জুবিনৰ বিৰুদ্ধে তৰা গোচৰ উঠাই নলয় বাইহাটা চাৰিআলিৰ ব্ৰাহ্মণ সমাজে ৷ জুবিনক ক্ষমা কৰি দিবৰ বাবে ব্ৰাহ্মণ সমাজলৈ শিল্পীগৰাকীয়ে লিখিত পত্ৰ প্ৰেৰণ কৰে যদিও পত্ৰখন বৰ্তমান পৰ্যন্ত বাইহাটা চাৰিআলিৰ ব্ৰাহ্মণ সমাজৰ হাতত পৰা নাই বুলি জানিবলৈ দিয়ে বাইহাটা চাৰিআলি ব্ৰাক্ষ্মণ সমাজে ।

Intro:মৰাণত 'কাঞ্চনজংঘা' বোলছবিৰ প্ৰচাৰ চলালে বোলছবিখনৰ প্ৰযোজক,পৰিচালক তথা নায়ক জুৱিন গাৰ্গে। অসমীয়া বোলছবিক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ উদ্দেশ্যেৰে ছবি নিৰ্মাণ কৰা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অহা ৬ চেপ্তেম্বৰত মুক্তি পাব লগা তেওঁৰ নতুন অসমীয়া বোলছবি 'কাঞ্চনজংঘা' চাবৰ বাবে প্ৰচাৰ  চলাবলৈ আজি মৰাণত কাঞ্চনজংঘা দলটিৰ সতে উপস্থিত হয়। তিনিচুকীয়া,ডিব্ৰুগড়ৰ পাছত আজি তৃতীয় দিনা মৰাণ মহিলা মহাবিদ্যালয়ত দিনৰ ২-৩০ বজাত উপস্থিত হৈ মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী আৰু মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জুবিনৰ অনুৰাগীক অহা ৬ চেপ্তেম্বৰত 'কাঞ্চনজংঘা' চাবলৈ আহ্বান জনায়। জুবিনে এইবাৰ তেওঁৰ লগতে তেওঁৰ পুহনীয়া কুকুৰটোৱে অভিনয় কৰা উক্ত চিনেমাখন চাই দৰ্শকে নিশ্চয় ভাল পাব বুলি কয়। মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাই দলটোক একোখনকৈ ফুলাম গামোছা আৰু ফুলাম জাপিৰে আদৰণি জনায়। ইয়াৰ পাছতে দলটোৰ সদস্য তথা অভিনেতা সমীৰে আঁতধৰা অনুষ্ঠানটোত উপস্থিত জুবিনৰ লগতে প্ৰত্যেক শিল্পীয়ে "কাঞ্চনজংঘা" চাবলৈ আহ্বান জনায়।ইয়াৰ পাছত জুবিনৰ দলটো মৰাণ নগৰস্থিত "হাউছফুল টকিজ "চিনেমা হলত উপস্থিত হৈ হলটোত গৈ প্ৰচাৰ চলায়।ইয়াৰ পূৰ্বে জুবিনৰ অনুৰাগী সকলে মৰাণৰ পূৰ্ণিমা হোটেলৰ সন্মূখৰ পৰা বাইক ৰেলিৰে আদৰি আনে জুবিনক।

            Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.