ডিব্ৰুগড়, 15 জুলাই: অসমৰ এড়ী-মুগা-নুনি পৃথিৱী বিখ্যাত ৷ কেৱল অসমতহে পোৱা যায় এড়ী-মুগা । প্ৰাকৃতিক আৰু বৈজ্ঞানিক ভাৱে অসমৰ বাতাবৰণ মুগা পলুৰ বাবে অনুকূল । কিন্তু এতিয়া অসমৰ সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ লৈছে এড়ী-মুগা । এনে সময়তে অসমৰ পৰা হেৰাই যাব ধৰা এড়ী পলু, নুনি পলু পালনেৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ টিংখাঙৰ বগৰিগুৰি বৰবাম গাঁৱৰ মহিলাসকলে (Silkworm rearing at Tingkhong) ৷
নিজৰ ঘৰৰ বাৰীতে কেছেৰো, এৰেনা, নুনি গছ ৰোপণ কৰি কৰিছে পলু পালন । লগতে গাঁওখনৰ একাংশ মহিলাই নুনি পলু পালন কৰি পাতৰ সুতা প্ৰস্তুত কৰাৰ লগতে পাতৰ কাপোৰো তৈয়াৰ কৰে । একেধৰনে পলুৰ লেটা খাদ্যৰ বাবে বিক্ৰী কৰি প্ৰতিগৰাকী মহিলাই নিজৰ আৰ্থিক অৱস্থা যথেষ্ট স্বচ্ছল কৰি তুলিবলৈ সক্ষম হৈছে (Women from Tingkhong being self reliant by ferming silk worm) ।
বগৰিগুৰি বৰবাম গাঁৱৰ ১৫৩ টা পৰিয়ালৰ ভিতৰত শতাধিক পৰিয়ালে এৰি পলু পালন কৰে । চলিত বছৰটোত গাঁওখনৰ মহিলাৰ দলটোৰ প্ৰত্যেকেই এড়ী পলু পালনেৰে লক্ষাধিক টকা উপাৰ্জন কৰি আন আন মহিলাসকলৰ লগতে নতুন প্ৰজন্মৰ বাবে এক আদৰ্শস্বৰূপ হৈ উঠিছে ৷ এইদৰেই গাঁওখনৰ মহিলাসকলে গোট আকাৰে একত্ৰিত হৈ পলু পালন কৰিও দাঙি ধৰিছে স্বাৱলম্বীতাৰ আন এক নিৰ্দশন ৷
লগতে পঢ়ক: CUET Examination: স্নাতক পাঠ্যক্ৰমৰ বাবে আজিৰে পৰা উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা